ছচিয়েল মিডিয়াত এখন ফটো যথেষ্ট ভাইৰেল হ’বলৈ ধৰিছে, য’ত অক্সিজেনৰ সহায় লোৱা এগৰাকী মহিলা এজন যুৱকৰ সৈতে বাইকত বহি থকা দেখা গৈছে।
ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হোৱাৰ মাজতে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে,
এই ফটোখন ভাৰতৰ হয় আৰু ইয়াক চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে আলোচনামূলক মন্তব্য প্ৰদান কৰি শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে।
হেডলাইন৮ৰ অনুসন্ধানত এই দাবী মিছা ওলাল।
যদিও ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ গৈ আছে আৰু দেশৰ বিভিন্ন প্ৰান্তত অক্সিজেনৰ অভাৱৰ খবৰ পোৱা গৈছে।
কিন্তু আমি তদন্ত চলাওতে জানিব পালো যে এই ফটোখন ভাৰতৰ নহয় বাংলাদেশৰ হয়।
ভাইৰেল পোষ্ট
টুইটাৰ ইউজাৰ Samavrittiয়ে এই ফটোখন টুইট কৰি ইংৰাজীত লিখিলে যে, এনেকুৱা আপোনাৰ #PMcaresয়ে কৰে। কাৰণ আহিবটো মোদীয়ে।’
এই পোষ্টটোৰ Archive সংস্কৰণ তলত দিয়া হৈছে
দাবীঃ বাইকত বহি অক্সিজেন লৈ থকা মহিলাগৰাকী ভাৰতৰ।
অনুসন্ধান
হেডলাইন৮য়ে এই ভাইৰেল ফটোখন অনুসন্ধান কৰিবলৈ প্ৰথমে Google Reverse Image Searchৰ ব্যৱহাৰ কৰিলে।
আমি ইণ্টাৰনেটত এই ফটোখনৰ অনুৰূপ বহুকেইখন ফটো পালো।
আমি এই ফটোখন বালাংদেশৰ কেইবাটাও স্থানীয় মিডিয়া পৰ্টেলত দেখা পালো।
১৮ এপ্ৰিলত dhakapost.comত প্ৰকাশিত এটা ৰিপৰ্টত এই ফটোখন ব্যৱহাৰ কৰা দেখা পালো।
বাংলা ভাষাত এই ৰিপৰ্টটো গুগল ট্ৰাঞ্চলেটৰ সহায়ত অনুবাদ কৰি আমি জানিব পালো যে এই ফটোখন বাংলাদেশৰ বাৰিছল চহৰৰ হয়।
ৰিপৰ্ট অনুসৰি, বাইকত বহি থকা মহিলাগৰাকীৰ নাম ৰেহানা পৰবীন।
মহিলাগৰাকীয়ে পুত্ৰ জিয়াউল হছন টীটুৰ সৈতে হাস্পতাললৈ গৈ আছিল।
ৰিপৰ্ট অনুসৰি, এই ফটোখন বাৰিছল যান-বাহন আৰক্ষীৰ Touhid Tutul নামৰ এজন লোকে ফেচবুকত পোষ্ট কৰিছিল।
মহিলাগৰাকী ক’ৰোনাত আক্ৰান্ত আছিল, উশাহ লোৱাত কষ্ট পোৱা বাবে তেওঁৰ পুত্ৰই হাস্পতাললৈ লৈ গৈ আছিল।
এই ৰিপৰ্টটো ইয়াত ক্লিক কৰিলে প্ৰত্যক্ষ কৰিব পাৰিব।
আমি banglanews24.comটো প্ৰকাশিত এক ৰিপৰ্টত এই ভাইৰেল ফটোখন পালো। এই ৰিপৰ্টটো ঢাকা পোষ্টটোৰ দৰে ইয়াক বাংলাদেশৰ বাৰিছল চহৰৰ বুলি কোৱা হৈছে।
আৰক্ষী কৰ্মচাৰী Touhid Tutulৰ ফেচবুক ৱালত এই ফটোখন প্ৰত্যক্ষ কৰিলো। ২০২১ৰ ১৭ এপ্ৰিলত তেওঁ এই ফটোখন শ্বেয়াৰ কৰিছিল।
হেডলাইন৮য়ে ভাইৰেল ফটোখন ভুল দাবীৰে টুইট কৰা টুইটাৰ ইউজাৰ Samavrittiৰ প্ৰফাইল স্কেন কৰিলে। এই প্ৰফাইলটো ২০১১ৰ ডিচেম্বৰতে খোলা হৈছিল।
ফলাফলঃ হেডলাইন৮ৰ অনুসন্ধানত ভাইৰেল ফটোখনক লৈ কৰা দাবী ওলাল মিছা।
বাইকত অক্সিজেন লৈ বহি থকা মহিলাগৰাকীৰ ফটো ভাৰতৰ নহয়।
Photo: Google