শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল।
ভিডিঅ’টোত দেখা পোৱা গৈছে যে এটা বিল্ডিঙৰ চতুৰ্থ মহলাৰ পৰা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী বাগৰি পৰা দেখা গৈছে।
ভিডিঅ’টো পোষ্ট কৰি ওপৰৰ কেপচনত লিখিছে যে, “7 students died after falling from 4th floor in a crowded area in Guwahati…” লোকজনে দাবী কৰিছে এই ভিডিঅ’টো অসমৰ।
কিন্তু যেতিয়া এই সন্দৰ্ভত হেডলাইন৮য়ে অনুসন্ধান আৰম্ভ কৰে তেতিয়া আমি লাভ কৰা তথ্য অনুসৰি এই দাবী সম্পূৰ্ণৰূপে ভুৱা।
এই ঘটনাটো অসমৰ নহয় বলিভিয়াৰ।
ঘটনাটো সংঘটিত হৈছিল বলিভিয়াৰ পাব্লিক ইউনিভাৰ্ছিটি আল অল্টোত।
ভাইৰেল পোষ্টটো হ’ল
ভাইৰেল পোষ্টটোত দেখা পোৱা গৈছে যে, এটা বিল্ডিঙৰ চতুৰ্থ মহলাত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰে।
তাৰ পিছত ঠেলা-হেঁচা কৰি থাকোতে তাৰ তললৈ বাগৰি পৰে ৭ গৰাকী ছাত্ৰ-ছাত্ৰী।
দুৰ্ঘটনাটোত আটাইকেইজনে প্ৰাণ হেৰুৱায়।
এই পোষ্ট টোৰ আৰ্কাইভ লিংকটো ইয়াত চাব পাৰিব।
অনুসন্ধান
অনুসন্ধান আৰম্ভ কৰিয়েই আমি এই ভিডিঅ’টো InVid টুলত দাখিল কৰো আৰু এই ভিডিঅ’টোৰ কী-ফ্ৰেমবোৰ উলিয়াই লওঁ।
ইয়াৰ পিছত আমি গুগল ৰিভাৰ্ছ ইমেজত এই ফ্ৰেমবোৰ ছাৰ্ছ কৰো।
এনেদৰে বিচাৰ কৰোতেই আমি independent.co.uk , thesun.co.uk তথা dailymail.co.uk কে ধৰি ভালেমান প্ৰতিষ্ঠিত ৱেবছাইটত এই ভিডিঅ’টোৰ উপস্থিতি লাভ কৰো।
ভিডিঅ’টোৰ লগত থকা বিৱৰণী অনুসৰি এই ঘটনাটো বলিভিয়াৰ পাব্লিক ইউনিভাৰ্ছিটি আল-অল্টোৰ, য’ত বিগত ২ মাৰ্চ, ২০২১ তাৰিখে এটা অট্টালিকাৰ ৰেলিং ভাঙি তললৈ সৰি পৰাৰ ফলত ৭ গৰাকীকৈ ছাত্ৰৰ মৃত্যু হৈছিল।
এই বিষয়টোৰ সত্যতা প্ৰমাণ কৰিবৰ বাবে আমি আল-অল্টোৰ সৈতেও যোগাযোগ স্থাপন কৰো।
বলিভিয়াৰ আল-অল্টো ইউনিভাৰ্ছিটিৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰাউল ৰড্ৰিগজে আমাক জনায়, “এই সমগ্ৰ ঘটনাটো এতিয়া তদন্তৰ আওঁতাত আছে, সেয়েহে আমি আপোনালোকক অধিক তথ্য যোগান ধৰিব নোৱাৰিম।
কিন্তু এই কথা নিশ্চিতি দিব পাৰো যে এই ভিডিঅ’টো বলিভিয়াৰ আল-অল্টো ইউনিভাৰ্ছিটিৰ হয়।”
এতিয়া আমি কী-ৱৰ্ডৰ সহায়ত এই কথা বিচাৰিবলৈ ললো যে এনেধৰণৰ কোনো ঘটনা শেহতীয়াকৈ অসমৰ কোনো স্থানত সংঘটিত হৈছে নেকি। আমি এইধৰণৰ কোনো প্ৰামাণিক তথ্য লাভ নকৰিলো, য’ত এনেধৰণৰ কোনো ঘটনাৰ উল্লেখ আছে।
উল্লেখ্য যে এই ভাইৰেল ফটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ ‘Monir uddin Ahmed’ ৰ ছ’চিয়েল মিডিয়া প্ৰ’ফাইল স্কেন কৰাত আমি জানিব পাৰো যে এই পেজটোত ২,৯৯১ টা ফ’ল’ৱাৰ্ছ আছে।
Photo: Facebook