ৰাজ্যত ড্ৰাগছ আৰু অবৈধ সুৰাৰ ঘাটি উৎখাত কৰাৰ সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰা হৈছে বহুতো অনুজ্ঞাপত্ৰ নথকা ভুৱা চিকিৎসক। শেহতীয়াকৈ কালি মাজুলীত তেনে এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয় । জেংৰাইমুখ থানাৰ সমীপৰ লখিমী গাঁৱত যোৱা ২৫ বছৰে এইজন ভুৱা চিকিৎসকে চিকিৎসা কৰি আহিছিল ৰোগীক। উত্তম কুশ্বৱাহা নামৰ এই ধূৰ্ত লোকজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিবলৈ পৰা গৈছে।
তেওঁ অনুজ্ঞা পত্ৰ অবিহনে বিগত ২৫ বছৰে জ্বৰ, হাত-ভৰি বিষ আদিৰ চিকিৎসা কৰি আহিছিল।অৱশেষত কালি জালত পৰা ভুৱা চিকিৎসকজনৰ পৰা জেংৰাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ দৰব জব্দ কৰিছে।
উল্লেখ্য যে বিগত দিনকেইটাত ভালেকেইগৰাকী ভুৱা চিকিৎসককক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।কিছুদিন আগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহানগৰীৰ প্ৰতীক্ষা হাস্পাতালৰ দুজন ভুৱা চিকিৎসকক।ইয়াৰ দুদিনৰ পিছতে সৰ্থেবাৰীৰ এজন ভুৱা চৰ্ম বিশেষজ্ঞক হাতে-লোতে ধৰা পেলাইছিল আৰক্ষীয়ে।