বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত ৰঙৰ উৎসৱ ‘ফাকুৱা‘ বা ‘হোলি’ উপলক্ষে বিমানকোঠৰ ভিতৰ-বাহিৰ সজাই-পৰাই তোলা হৈছে। বিমানবন্দৰৰ প্ৰস্থান আৰু আগমন কক্ষত দুখনকৈ আটকধুনীয়া ক্ৰীব নিৰ্মান কৰি উলিওৱা হৈছে।
ক্ৰীবখন নানান ৰঙৰ বলৰে তৈয়াৰ কৰি উন্নত কাৰিকৰী কৌশলেৰে ফাকুৱা উৎসৱৰ শুভেচ্ছাবানী প্ৰদান কৰা হৈছে। তাৰ লগত সংগতি ৰাখি বাহিৰৰ পৰা অহা কলা কোশলীৰ দ্বাৰা ৰঙৰ এখন মেলা পতা হৈছে, য’ত যাত্ৰীসকলে বা বিমানকোঠৰ কৰ্মচাৰীসকলে নিজ সৃষ্টিশীলতাৰ জড়িয়তে মাটিৰ পাত্ৰৰ ওপৰত বিভিন্ন ৰঙপেঞ্চিলৰ সহায়ত চিত্ৰ আঁকি ল’ব পৰাৰ ব্যবস্থা কৰা হৈছে। যাত্ৰীসকলৰ লগতে বিমানকোঠত কৰ্মৰত কৰ্মচাৰীসকলে এই অংকণ মেলাত ভাগ লোৱা দেখা গৈছে।