কালি সন্ধিয়া ৭ বাজি ৫ মিনিটত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসে শেষ নিশ্বাস ত্যাগ কৰে।
ক’ৰোনাত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল কণ্ঠশিল্পী গৰাকীয়ে।
বিগত ১৬ এপ্ৰিলত কণ্ঠশিল্পী গৰাকী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে কালাপাহাৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল।
কিন্তু কালি পুৱা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত ততাতৈয়াকৈ হাস্পতালত আইচিইউত মেকানিকেল ভেন্টিলেশ্যনত ৰখা হয়।
তাৰ পিছতে সংগীত শিল্পী গৰাকীৰ মৃত্যু হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত উৰা বাতৰি প্ৰচাৰ হয়।
কিন্তু অৱশেষত কালি সন্ধিয়া চিকিৎসকে তেওঁৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰে।
সহস্ৰাধিক গীতত কণ্ঠদান কৰা সংগীত শিল্পী ভিতালী দাস বিহু গায়িকা হিচাপে অধিক জনপ্ৰিয় হৈ পৰিছিল।
জানিব পৰা অনুসৰি ১৪ এপ্ৰিলত কণ্ঠশিল্পী গৰাকীয়ে অন্তিমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ মুকলি বিহু আৰু লতাশিল বিহু সন্মিলনত গীত পৰিবেশন কৰিছিল।
মৃত্যুৰ সময়ত কণ্ঠশিল্পী গৰাকীৰ বয়স আছিল ৪২ বছৰ।
জানিব পৰা অনুসৰি দীৰ্ঘদিন ধৰি ডায়েবেটিচ ৰোগৰ ভুগি আছিল সংগীত শিল্পী গৰাকী।
মৃত্যুৰ সময়ত শিল্পী গৰাকীয়ে তেওঁৰ স্বামী আৰু একমাত্ৰ কন্যা সন্তানক ইহ সংসাৰত অকলে এৰি থৈ যায়।
কণ্ঠশিল্পী গৰাকীৰ মৃত্যুৰ পিছতে ৰাজ্যবাসীৰ লগতে সংগীত জগতত শোকৰ ছাঁ পৰিছে লগতে ভিন্ন ব্যক্তি তথা দল সংগঠনৰ নেতা কৰ্মী সকলে শোক প্ৰকাশ কৰিছে।
Photo Credit: Google