জনপ্ৰিয় পঞ্জাৱী কণ্ঠশিল্পী দিলজানৰ শেষ নিশ্বাস ত্যাগ।
ছচিয়েল মিডিয়াত তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই অনুৰাগীৰ মাজত যথেষ্ট কোলাহলৰ সৃষ্টি হৈছে।
জানিবলৈ দিয়া অনুসৰি মঙলবাৰে পুৱা ৩.৪৫ বজাত কণ্ঠশিল্পীগৰাকীয়ে বাহন দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।
অমৃতসৰৰ পৰা কৰতাৰপুৰলৈ গৈ আছিল
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ খবৰে সকলোকে আচম্বিত কৰি তুলিছে। তেওঁৰ অনুৰাগীসকলৰ মাজত সৃষ্টি হয় কোলাহলৰ।
মঙলবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। অমৃতসৰৰ পৰা কৰতাৰপুৰলৈ গৈ আছিল দিলজান।
Punjabi singer #Diljaan passes away in a road accident near Amritsar. RIP🙏 pic.twitter.com/rTfa42PoU0
— Gagandeep Singh (@Gagan4344) March 30, 2021
ডিভাইডাৰত খুন্দিওৱাৰ ফলত হেৰুৱালে প্ৰাণ
TV9ৰ খবৰ অনুসৰি, দিলজানে নিজৰ বাহনেৰে অমৃতসৰৰ পৰা কৰতাপুৰলৈ গৈ আছিল।
পিছত সেই পথতে জণ্ডিয়ালা গুৰুৰ সমীপত তেওঁৰ গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাস্থলীতে কণ্ঠশিল্পীগৰাকীয়ে হেৰুৱালে প্ৰাণ।
ਸਵੇਰੇ ਸਵੇਰੇ ਇਹ ਮੰਦਭਾਗੀ ਖਬਰ ਮਿਲ ਗਈ.
ਸੰਗੀਤ ਜਗਤ ਨੂੰ ਪੈ ਗਿਆ ਘਾਟਾ ..ਫਾਨੀ ਦੁਨੀਆ ਨੂੰ ਅਲਵਿਦਾ ਕਹਿ ਗਿਆ ਇਕ ਹੋਰ ਸੁਰੀਲਾ ਗਾਇਕ ਦਿਲਜਾਨ ਵੀਰ ਅਲਵਿਦਾ ਆਖ ਗਿਆ……ਵਾਹਿਗੁਰੂ ਜੀ ਸਾਰੇ ਪਰਿਵਾਰ ਨੂੰ ਭਾਣਾ ਮੰਨਣ ਦਾ ਬੱਲ ਦੇਵੇ 🙏😢😭 #Rip #Diljaan #waheguru pic.twitter.com/Vzui5Yftwa— Sukshinder Shinda (@SukshnderShinda) March 30, 2021
देश के दिलों की धड़कन आज थम गयी।
आशा भोंसले जी रो पड़ी थी उनकी मधुर आवाज़ पर। https://t.co/fNscpFkWME
ख़ूबसूरत आवाज़ और व्यक्तित्व के धनी रविदासिया (चमार) क़ौम के हीरे दिलजान को शत-शत नमन।
सतगुरु रविदास अपने चरणों में स्थान दें। 🙏🏻#Diljaan pic.twitter.com/k2mRdfa57b— Manoj Dahiya (@dr_manojdahiya) March 30, 2021
২ এপ্ৰিলত মুকলি হ’বলগীয়া আছিল নতুন গীত
বিভিন্নজনে দিলজানৰ ফটোৰ সৈতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বহু লোকে তেওঁৰ গীত শ্বেয়াৰ কৰি তেওঁক স্মৰণ কৰে।
Photo: zee News