বুধবাৰে লোকসভাত প্ৰধানমন্ত্ৰী মোডীয়ে কৃষক আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ সমালোচনা কৰি মত প্ৰকাশ কৰি কয় যে কৃষক আন্দোলনক মই সন্মান কৰো, পবিত্ৰ বুলি বিবেচনা কৰো ৷
কিন্তু আন্দোলনকাৰী আৰু আন্দোলনজীৱিৰ মাজত বৃহৎ পাৰ্থক্য অতি গুৰুত্বপূৰ্ণ ।
এই আন্দোলনজীৱিৰ কৃষকৰ আন্দোলনক অপবিত্ৰ কৰিছে ৷
লগতে মোডীয়ে আন্দোলনজীৱিসকলক উদ্দেশ্য কৰি এনেদৰে প্ৰশ্ন কৰি মত প্ৰকাশ কৰে যে যেতিয়া আন্দোলনজীৱিসকলে পৱিত্ৰ আন্দোলনক হাইজেক কৰে, গুৰুতৰ অপৰাধৰ বাবে কাৰাগাৰত থকা লোকসকলৰ ফটো প্ৰদৰ্শন কৰে, তেতিয়াই কোনো উদ্দেশ্য পূৰণ কৰেনে ?
টোল প্লাজাক কাম কৰিবলৈ নিদিয়া, টেলিকম টাৱাৰ ধ্বংস কৰা, এয়া কি পবিত্ৰ আন্দোলনৰ উদ্দেশ্য ?
উল্লেখ্য, মোডী কৃষক আন্দোলন আৰু কৃষি আইনৰ সমস্যা অতি শীঘ্ৰে সমাধান হ’ব বুলিও লোকসভাত মত প্ৰকাশ কৰে ৷
সমাজত এনে বহু লোক আছে যিয়ে দেশৰ উন্নতি চিন্তা কৰে ৷
কিন্তু এই শ্ৰেণীটোৱেই সঠিক কাম কৰাৰ কথা আহে, তেতিয়া কথাক কাৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয়।
কিয়নো সমাজত এনে কিছুমান লোক আছে ৰাষ্ট্ৰক বিপথে পৰিচালিত কৰিব বিচাৰি আছে ৷