প্ৰায় দুমাহৰো অধিক দিন দেশৰ ৰাজধানীত কৃষকে কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে ৷
আৰু এই কৃষক আন্দোলনে দেশৰ গণতন্ত্ৰ দিৱসত হিংসাত্মক আন্দোলনলৈ ৰূপান্তৰিত হৈছিল ৷
যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সহস্ৰাধিক টুইটাৰ একাউণ্টৰ জৰিয়তে উচটনিমূলক আৰু অধিক ভুৱা বাৰ্তা প্ৰেৰণ কৰি বিপথে পৰিচালিত কৰা টুইটাৰ একাউন্টসমূহক বন্ধ কৰি দিবলৈ টুইটাৰক আহ্বান জনাইছিল ৷
সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ সমৰ্থনত লিখা প্ৰায় ১,২০০ টা টুইটাৰ একাউন্ট বন্ধ কৰিবলৈ টুইটাৰক নিৰ্দেশও প্ৰদান কৰিছিল ।
ভাৰতৰ ভিন্ন প্ৰান্তৰ এই একাউন্টসমূহক খালিস্তানৰ সমৰ্থক বুলি সন্দেহ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে এই একাউন্টসমূহে সামাজিক ঐক্য আৰু সংহতিত ব্যাঘাত জন্মাব বুলিও মত প্ৰকাশ কৰিছিল ৷
কিন্তু টুইটাৰ কৰ্তৃপক্ষই ব্যক্তিৰ বাক স্বাধীনতা হস্তক্ষেপ কৰিবলৈ অনিচ্ছুক বুলি যুক্তি দি কেন্দ্ৰৰ এই নিৰ্দেশ পালন কৰিবলৈ অস্বীকাৰ কৰিছিল।
সেয়ে এই সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে টুইটাৰ ইণ্ডিয়াৰ এক বৈঠক অনুষ্ঠিত হয় ৷
আৰু টুইটাৰক কঠোৰ সকীয়নি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ৷