• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই খেতিয়কে!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 11, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই খেতিয়কে!
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা এটা সময়ত বাওঁ ধানৰ খেতিৰ বাবে বিখ্যাত পামহী অঞ্চলৰ খেতি পথাৰ সমূহত আবদ্ধ পানীৰ বাবে অঞ্চলটোৰ কৃষক ৰাইজে আজি বহুদিন বাওঁ ধানৰ লগতে আন আন কৃষি কৰ্ম কৰিব নোৱাৰাত কৃষক ৰাইজ হতাশ হৈ পৰিছে। আনকি আবদ্ধ পানীৰ সমস্যাটোৰ এটা চিৰস্থায়ী সমাধানৰ বাবে পামহী কাৰ্বিপাৰা ৰাইজ আৰু পামহী মিকিৰপাৰা ৰাইজে যোৱা ২১ জুনত আজাৰা ৰাজহ চক্ৰ বিষয়াক সাক্ষাৎ কৰি পামহী পথাৰৰ আবদ্ধ পানীভাগ ওলাই যোৱাৰ বাবে নলা খন্দাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে । এই সন্দৰ্ভত পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি চনেশ টেৰণ আৰু সম্পাদক হেনৰী ডেভিড টেৰণৰ নেতৃত্বত যোৱা সজাতি দলটোৱে চক্ৰ বিষয়াক প্ৰদান কৰা স্মাৰক পত্ৰত চাহাৰা ইণ্ডিয়া আৰু অন্যান্য লোক সকলে প্ৰায় ডেৰ দশক পূৰ্বে ক্ৰয় কৰা খোলা পথাৰৰ মাটি সমূহত অপৰিকল্পিত ভাবে পকী দেৱাল নিৰ্মাণ কৰা, পথ নিৰ্মাণ কৰা আৰু মাটিৰে পুতি পেলোৱাৰ ফলত এতিয়া বাৰিষা কাল আৰম্ভ হলেই এক বৃহৎ অঞ্চলৰ পানী সমুহ পূৰ্বৰ দৰে মুকলিকৈ বৈ যাব নোৱাৰাৰ ফলত পানী সমূহ আবদ্ধ হৈ পৰে। ফলত বাওঁ ধানৰ খেতিৰ বাবে এটা সময়ত বিখ্যাত পামহী পথাৰত এতিয়া খেতি কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে। যদি নলা খান্দি আবদ্ধ পানীভাগ ওলাই দিব পৰা নাযায় তেন্তে বহু লোকৰ জীৱন জীৱিকাৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত।

জানিব পৰা মতে ২০০৪ – ০৫ চন মানতে চাহাৰা ইণ্ডিয়া নামৰ বিত্তীয় প্ৰতিষ্ঠান টোৱে আজাৰা ৰাজহ চক্ৰৰ পামহী গাঁওত এখন চেটেলাইট চিটি নিৰ্মাণ কৰিম বুলি কৈ ব্যক্তিগত মালিকাধীন লোকৰ পৰা কম দামত একেলগে প্ৰায় ২৪০ বিঘা মান মাটি ক্ৰয় কৰিছিল । কিন্তু কোম্পানীটোৱে গ্ৰাহকক প্ৰবঞ্ছনা কৰাৰ বাবে ছুপ্ৰীম কৰ্টে সমগ্ৰ দেশজুৰি চাহাৰা ইণ্ডিয়াৰ মাটিসহ সকলো সম্পত্তি বাজেয়াপ্ত কৰি সেই ধন গ্ৰাহকক ঘূৰাই দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত পামহী পথাৰত ন্যায়ালয়ৰ নিৰ্দেশত চাহাৰা ইণ্ডিয়াৰ মাটি সমুহ একাংশ লোকে ক্ৰয় কৰে। কিন্তু ক্ৰয় কৰা লোকসকলৰ একাংশই অপৰিকল্পিত বাবে মাটি পুৰ কৰা, সীমাত দেৱাল নিৰ্মাণ কৰি অহা বাবে পামহী পথাৰত পানী আবদ্ধ হৈ পৰিছে। যদি নলা খান্দি আবদ্ধ পানীভাগ ওলাই দিব পৰা নাযায় তেন্তে পামহী পথাৰ ইতিহাসত পৰিণত হোৱাৰো আকাংক্ষা ব্যক্ত কৰিছে বাসিন্দা সকলে।

Previous Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

Next Post

জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ সম্পন্ন

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ সম্পন্ন

জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ সম্পন্ন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

৪২০! সমাজ কৰ্মী মেধা পাটকাৰৰ বিৰুদ্ধে ১৩ কোটি টকা অপব্যৱহাৰৰ অভিযোগ!

৪২০! সমাজ কৰ্মী মেধা পাটকাৰৰ বিৰুদ্ধে ১৩ কোটি টকা অপব্যৱহাৰৰ অভিযোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8