এটা বছৰৰো অধিক কাল প্ৰতিবাদত বহি থকা কৃষকসকল উভতিল ঘৰলৈ । কেন্দ্ৰৰ পৰা কৃষকৰ সকলো দাবী মানি লোৱা বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছত কৃষকসকলে প্ৰত্যাহাৰ কৰে এই দীৰ্ঘদিনীয়া আন্দোলন। কৃষক বিদ্ৰোহৰ নেতৃত্ব দিয়া ৰাকেশ টিকেটে কৃষক বিদ্ৰোহৰ সামৰণি ঘোষণা কৰিছিল বুধবাৰে।
সিন্ধু বৰ্ডাৰত শনিবাৰ পুৱাৰে পৰা উৎসৱমুখৰ পৰিৱেশ। ভাঙি পেলোৱা হৈছে সীমান্তৰ অস্থায়ী শিৱিৰসমূহ। কৃষকসকলে প্ৰতিবাদস্থলী পৰিষ্কাৰ কৰি ঘৰলৈ যোৱাৰ বাবে সাজু হৈছে। বিজয় ৰেলীৰে হাৰিয়ানা, পাঞ্জাৱৰ কৃষকসকল উভতিব ঘৰলৈ। বিজয়ৰ আনন্দত নাচ-গান কৰি উল্লাস প্ৰদৰ্শন কৰিছে কৃষকসকলে। বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰিলে স্বাভিমানী কৃষকে।