ৰাজধানীত প্ৰতিদিনে অধিক তীব্ৰতৰ কৰি তোলা হৈছে কৃষক আন্দোলন ।
চৰকাৰৰ দমন নীতি তীব্ৰ কৰা স্বত্বেও স্তিমিত হোৱা নাই কৃষক আন্দোলন ।
তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত ৬ ফেব্ৰুৱাৰীত আহ্বান কৰা হৈছে দেশজোৰা পথ বন্ধ কাৰ্যসূচী ।
ভাৰত কিষাণ ইউনিয়নৰ নেতা বলবীৰ সিং ৰাজেৱালে ঘোষণা কৰে পথ বন্ধ কাৰ্যসূচী ।
শনিবাৰে বিয়লী ৩ বজালৈ দেশত পালন কৰা হ’ব এই পথ বন্ধ কাৰ্যসূচী ।
এই কাৰ্যসূচী পালন কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে ভাৰত কিষাণ ইউনিয়নৰ নেতাগৰাকীয়ে ।
উল্লেখ্য, আন্দোলন অধিক তীব্ৰ হ’বলৈ ধৰাত চৰকাৰে দিল্লীৰ সীমান্ত এলেকাসমূহত কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা ।