ৰাজ্যৰ অগ্ৰণী চেৰিটেবুল ট্ৰাষ্ট “অমৃত ভোগ ভাণ্ডাৰা” স্বত্বাধিকাৰী ভাগচান্দ জৈনে মহামাৰী সদৃশ ক’ভিড – ১৯ প্ৰতিৰোধৰ বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি ঘোষণা কৰাৰ পাছৰে পৰা বিগত প্ৰায় ২৩ টা মাহত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত এই পৰ্যন্ত প্ৰায় ৩১ লাখৰো অধিক লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি এক বিৰল অভিলেখ সৃষ্টি কৰাৰ বাবে ৮ ফেব্ৰুৱাৰীত তেওঁক গুৱাহাটীৰ ৰুক্মিণীনগৰ ৰংগমঞ্চত পদ ব্যৱসায়ী সংস্থাৰ অধিৱেশনত ৰাজহুৱাভাবে সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত বিজেপি নেতা পংকজ বৰা, তুলতুল কছাৰী, চন্দন গোস্বামীকে ধৰি সংস্থাৰ কেবাজনো বিষয়ববীয়া, সীমান্ত শৰ্মা, নৰেন ৰাজবংশী, অধিবক্তা কৃষ্ণ শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকে। অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগছন্দ জৈনে জানিবলৈ দিয়া মতে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ পাছত বিগত ২০২০ আৰু ২০২১ বর্ষত লকডাউন বা দিনতে সান্ধ্য আইন চলি থকা সময়ত দৈনিক প্ৰায় ২০ হাজাৰৰো অধিক লোকক দিন।
আনকি বৰ্তমান ব লকডাউন শেষ হোৱাৰ পাছতো বৰ্তমান গুৱাহাটীৰ ভৰলুমুখৰ সমীপৰ হাৰিয়ানা ভৱনৰ পৰা অমৃত ভোগ ভাণ্ডাৰাই নিয়মীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত দিনে নিশাই প্ৰায় ৮০০ জনক আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিশাৰ ভাগত প্ৰায় ২০০ জন ৰোগীক আহাৰ যোগান ধৰি আহিছে। সমান্তৰালভাৱে ভূতনাথ, পাণবজাৰ, ফটাশিল, আঠগাঁও, ফাঁচীবজাৰ আদিত প্ৰায় ডেৰ হাজাৰ পদপথত বাস কৰা লোক, অঘৰী লোক, ভিক্ষাৰী আদিক দিনৰ উপৰিও নিশাৰ ভাগটো আহাৰ যোগান ধৰি ক্ষুধা নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। এই সকলো কাৰ্যত বিভিন্ন শুভাকাংখী লোক, অনুষ্ঠান –প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়াই অহা বুলি ভাগছন্দ জৈনে সদৰি কৰি দৈনিক প্ৰায় ১০ ৰ পৰা ১২ জন ৰান্ধনীয়ে হাৰিয়ানা ভৱনত আহাৰ প্ৰস্তুত কৰা বুলি ব্যক্ত কৰিছে।