ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে। সোমবাৰে পুৱাই ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২৪৯ গৰাকী শিক্ষাৰ্থীক লৈ দিল্লীত উপস্থিত হৈছে।
এই শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ পৰা ৰোমানিয়াৰ বুখাৰেষ্ট হৈ ভাৰতলৈ অনা হৈছে। এয়াৰ ইণ্ডিয়াৰ এ আই ১৯৪২ বিমানখন সোমবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে।