এইবাৰ চোৰাং চিকাৰীলৈ বিটিআৰ চৰকাৰৰ উপহাৰ।বিশ্ব গঁড় দিৱসৰ দিনাই বিটিআৰ চৰকাৰৰ ওচৰত চোৰাং চিকাৰীৰ এটা দলে আত্মসমৰ্পণ কৰে৷
হস্তনিৰ্মিত বন্দুকসহ চিকাৰ কৰি অনা হাতীৰ দাঁত আৰু হৰিণাৰ শিং লৈ আত্মসমৰ্পণ কৰিলে মুঠ ৫৭টা চোৰাং চিকাৰীয়ে।
অস্ত্ৰসহ আত্মসমৰ্পণ কৰা সকলো চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ আৰ্থিক সহায় আগবঢ়ালে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।