বলীউডত এক আশ্চৰ্যকৰ ঘটনা সংঘটিত হয়।
ছবি নিৰ্মাতা সন্তোষ গুপ্তাৰ পত্নী আৰু তেওঁৰ কন্যাই নিজকে জ্বলাই আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।
অন্ধেৰী এলেকাত সংঘটিত হয় এই ঘটনা।
মিডিয়া ৰিপৰ্টছ অনুসৰি, সন্তোষৰ পত্নী অস্মিতা(৫৫) আৰু কন্যা সৃষ্টি(১৬) অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়।
উল্লেখ্য এই ঘটনাটো সোমবাৰৰ দুপৰীয়াৰ।
ওচৰ-চুবুৰীয়াই যেতিয়া জুই লগাৰ খবৰ পাই তেতিয়া অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।
ইয়াৰ পিছতে মাতৃ-কন্যাই আত্মহত্যা কৰাৰ কথা জানিবলৈ পায়।
৭০ শতাংশ অগ্নিদগ্ধ হৈছিল কন্যা
সন্তোষ গুপ্তাৰ পত্নী আৰু কন্যাক কুপৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।
তাত পত্নীক সোমবাৰে মৃত বুলি ঘোষণা কৰে।
ইয়াৰ পিছত ৭০ শতাংশ পৰ্যন্ত অগ্নিদগ্ধ হোৱা কন্যাক National Burns Centreলৈ প্ৰেৰণ কৰা হয় কিন্তু তাতে তাইক মৃত ঘোষণা কৰে।
কিডনী ৰোগত আক্ৰান্ত হৈ আছিল পত্নী
অস্মিতা দীঘলীয়া সময় ধৰি কিডনী ৰোগত আক্ৰান্ত হৈ আছিল, যাৰ বাবে যথেষ্ট চিন্তাত সোমাই পৰিছিল।
আৰু এই সমস্যাৰ পৰা মুক্ত হ’বলৈ নিজৰ জীৱন নিঃশেষ কৰে।
আৰু ইফালে মাতৃৰ কষ্ট চাব পৰা নাছিল, যাৰ বাবে কন্যায়ো এই চৰম পছ বাচি লয়।
উল্লেখযোগ্য যে, ছবি নিৰ্মাতা সন্তোষ গুপ্তাই ‘ফৰাৰ’,’ৰোমীঃ দ্যা হিৰ’ আৰু ‘আজ কি ঔৰত’ৰ দৰে ছবি পৰিচালনা কৰিছিল।
‘গদৰ’, ‘ঘটক’, ‘অন্দাজ অপনা অপনা’, ‘বিচ্ছু’, ‘হফ্টা বন্দ’ৰ দৰে ছবিতো কাম কৰিছে।
Photo: Google