ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত নিহত হোৱা শ্বহীদক চূডান্ত অপমান কৰি এতিয়া বিপদত লেখিকা শিখা শৰ্মা।
লেখিকাগৰাকীৰ এটা পোষ্টৰ পিছতে ছচিয়েল মিডিয়াত তোলপাৰ লাগে।
এফালে নক্সালবাদীৰ আক্ৰমণত নিহত হোৱা শ্বহীদসকলক সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জনাই আৰু আনফালে লেখিকা শিখা শৰ্মাই শ্বহীদসকলক লৈ কৰিলে অপমানসূচক মন্তব্য।
নক্সালবাদীৰ এই আক্ৰমণত অসমৰ ২জন বীৰ জোৱানো শ্বহীদ হৈছিল।
দিলীপ কুমাৰ দাস আৰু বাবলু ৰাভা শ্বহীদ হৈছিল মাওবাদীৰ আক্ৰমণত।
লেখিকাগৰাকীয়ে ফেচবুকত পোষ্ট কৰিছিল যে,
‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়। তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম।’
https://www.facebook.com/sikha.sarma.359/posts/1558387944351399
এই পোষ্টৰ পিছতে তেওঁ আৰু এটা পোষ্টত লিখিছিল-
‘‘উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ থকাৰ পাছতো আমাৰ কমাণ্ডোসকল মৰিল কেনেকৈ? ইয়াৰ উচ্চ পৰ্য্যায়ৰ তদন্ত হওক৷ আৱেগত আমি ডুব নাযাওঁ ৷’’
https://www.facebook.com/sikha.sarma.359/posts/1558619930994867
বৰ্তমান এই সন্দৰ্ভত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুই অধিবক্তাই। অধিবক্তা উমী ডেকা বৰুৱা আৰু কংগনা গোস্বামী ভৰদ্বাজে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।
ইফালে এই পোষ্টৰ বিৰুদ্ধে বিভিন্নজনে ধিক্কাৰ দিয়ে লেখিকা শিখা শৰ্মাক।
Photo: Facebook