শনিবাৰে জাতীয় মহিলা শক্তিৰ সম্পাদক অপৰাজিতা শইকীয়াই ‘Voice of Assam’ৰ টুইটাৰ পেজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
‘Voice of Assam’ৰ টুইটাৰ পেজটো কোনো অচিনাক্ত লোকে নিয়ন্ত্ৰণ কৰি আছে।
এই পেজটোৰ ফলোৱাৰ্ছ আছে ৩১, ৫০০জন।
চলিত বৰ্ষৰ ২৪ জানুৱাৰীত এটা টুইট পোষ্ট কৰিছিল পেজটোত।
পোষ্টটোত এখন Morph কৰা ফটো শ্বেয়াৰ কৰিছিল।
ফটোখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক শাৰী পিন্ধি দৌৰি থকা অৱস্থাত আৰু তেওঁৰ পিছে পিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খেদি গৈ থকা দেখুওৱা হৈছিল।
বলীউডৰ জনপ্ৰিয় ছবি ‘কবীৰ সিং’ৰ এটা দৃশ্যাংশৰে ফটো Morph(meme)কৰি ‘Voice of Assam’য়ে নিজৰ টুইটাৰ পেজত পোষ্ট কৰিছিল।
ইয়াৰ পিছতে এই ফটোখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
Modi ji is coming to Assam tomorrow & BJP IT Cell will do this again to Geda Gangs. pic.twitter.com/F3fvpbWU0x
— Voice of Assam (@VoiceOfAxom) February 6, 2021
জাতীয় মহিলা শক্তিৰ অনুসৰি, এই ফটোখনে ভাৰতীয় মহিলাক দুৰ্বলতাৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে।
এই Memeটোৰে পুৰুষসকলক মহিলাৰ তুলনাত অধিক শক্তিশালী হিচাপে দৰ্শাইছে।
যিটো সময়ত সমগ্ৰ দেশে লিংগ-সমতাৰ সাংবিধানিক লক্ষ্যৰ দিশে আগবাঢ়িছে।
কিন্তু সেই সময়তে টুইটাৰ পেজটোৱে ভাৰতীয় সমাজৰ মহিলাসকলক অধিক দুৰ্বল হিচাপে প্ৰদৰ্শন কৰিছে।
এই কথা গোচৰত জাতীয় মহিলা শক্তিয়ে ৰুজু কৰিছে।
এই মহিলা সংস্থাটোৱে অনুৰোধ জনাইছে যে ভাৰতীয় দণ্ডবিধি আৰু IT Actৰ অধীনত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জাতীয় অৱজ্ঞাপূর্ণ টুইটাৰ পেজৰ বিৰুদ্ধে ন্যায়বিচাৰ কৰক।
গুৰুত্বপূৰ্ণ কথা এইটো হ’ল যে ‘Voice of Assam’ৰ এই টুইটাৰ পেজটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অফিচিয়েল পেজৰ দ্বাৰাও অনুসৰণ(Follow) হৈ আছে।
ইফালে এই দুষ্কাৰ্য কৰা লোকৰ বিৰুদ্ধে এজাহাৰ দিবলৈ শনিবাৰে ২:৩০ বজাত অসম জাতীয় ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ এটা দলে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু কৰে।
Photo: Google