শুকুৰবাৰে তামিলনাডুৰ বিৰুধুনগৰত এটা ফটকা ফেক্টৰীত সংঘটিত হোৱা অগ্নিকাণ্ডত বৰ্তমানলৈ মৃতকৰ সংখ্যা বৃদ্ধি হৈ হৈছে ১১জন।
আনহাতে ৩৬জন লোক গুৰুতৰভাৱে আহত হয়। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ৩ লাখ টকাৰ ক্ষতিপূৰণষ লগতে আহত লোকসকললৈ ১ লাখ টকাৰ কথা ঘোষণা কৰিছে।
ফটকা ফেক্টৰীত হোৱা অগ্নিকাণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকপ্ৰকাশ কৰিছে।
তেওঁ টুইটাৰযোগে ক’লে যে- তামিলনাডুৰ বিৰুধুনগৰত ফটকা ফেক্টৰীত অগ্নিকাণ্ডৰ ঘটনা যথেষ্ট দুখঃজনক।
এই দুখৰ সময়ত মোৰ সমবেদনা আছে মৃতকৰ পৰিয়াললৈ।
An ex-gratia of Rs. 2 lakh each has been approved from PMNRF for the next of kin of those who have lost their lives due to a fire in Virudhunagar, Tamil Nadu. Rs. 50,000 would be given to those seriously injured.
— PMO India (@PMOIndia) February 12, 2021
মই আশা কৰো যে আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক।
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ৰেহাই কোষৰ পৰা বিৰুধনগৰ অগ্নি দুৰ্ঘটনাটোত মৃত পৰিয়ালসকলক ২-২ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে।
ইয়াৰ লগতে, যিসকল গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক ৫০ হাজাৰকৈ দিয়া হ’ব।
ইফালে ঘটনাটোক লৈ ৰাহুল গান্ধীয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা তৎকালীভাৱে সহায়ৰ আহ্বান জনায়।
তেওঁ টুইটাৰযোগে কয় যে- তামিলনাডুৰ ফটকাত পীড়িত পৰিয়াললৈ হৃদয়ৰ পৰা সমবেদনা জ্ঞাপন কৰিছো।
Photo: Google