অসম-নাগালেণ্ড সীমান্তৱৰ্তী দিচৈভেলীৰ অন্তৰ্গত অসমৰ ভূমিত নগা লোকে যোৱা কিছুদিন ধৰি চলাই আহিছিল অবৈধ আগ্ৰাসন।
নগাৰ এই আগ্ৰাসী স্থিতিৰ বিৰুদ্ধে সৰৱ চৰ্চা চলিছিল অসমৰ সংবাদ মাধ্যমত। এনে উত্তেজনাময় পৰিৱেশৰ মাজতে আজি ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ গৈছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।
পিছে তেওঁৰ পৰিদৰ্শনৰ কালতে নগা দুৰ্বৃত্তই বিধায়কজনলৈ লক্ষ্য কৰি চলাই ধাৰাষাৰ গুলীবৰ্ষণ। এই ঘটনাই ইতিমধ্যে মৰিয়নিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে সৌভাগ্যক্ৰমে ৰূপজ্যোতি কুৰ্মী গুলীচালনাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা নাই।