বিশিষ্ট সাংবাদিক, বাতৰি পৰিৱেশক প্ৰতাপ বৰদলৈ আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰদলৈয়ে মহানগৰীৰ জোনালীত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ।
সাংবাদিকতাৰ উপৰিও ৰেডিঅ’ৰ বাতৰি পৰিৱেশক হিচাপে জনপ্ৰিয়তা লাভ কৰা প্ৰতাপ বৰদলৈয়ে অসমৰ দুৰদৰ্শনৰ সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী দূৰদৰ্শনৰ সৈতে জড়িত হৈ পৰিছিল। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢ়োতা আছিল প্ৰতাপ বৰদলৈ।
ৰাজ্যৰ কেইবাটাও ব্যক্তিগতখণ্ডৰ বাতৰি প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল এইগৰাকী বিশিষ্ট সাংবাদিক।