অসমৰ ক্ৰীড়া জগতলৈ এটা ভাল খবৰ। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন প্ৰতিভাধৰ মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইৰ। অলিম্পকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনাই হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ।
A matter of great joy and pride for us as @LovlinaBorgohai becomes the first woman pugilist from Assam to qualify for the #Olympics.
My heartiest Congratulations to you Lovlina. You have our finest wishes for the big moment.
May you continue to shine and succeed. pic.twitter.com/DVqP5EbaI2
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 10, 2021
ক’ৰোনাৰ বাবে স্থগিত ৰখা ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকছ চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে লাভলিনাক শুভেচ্ছা জ্ঞাপন কৰে। টুইটাৰযোগে তেওঁ কয় যে-‘আমাৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোহাঁই প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ। লাভলিনা তোমাক আন্তৰিক অভিনন্দন জনালো।
মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও শুভেচ্ছা জ্ঞাপন কৰে লাভলিনাক।