এগৰাকী পত্নীৰ পাঁচজন স্বামী। ঠিক দ্ৰৌপদীৰ কাহিনীৰ দৰে। আজিও হিমালয়ৰ কোলাত থকা দূৰৱৰ্তী গাওঁবোৰৰ এটা জনজাতিৰ মাজত এই প্ৰথা প্ৰচলিত।
শুনি আচৰিত যেন লাগিলেও, কিন্তু এয়াই সেই অঞ্চলৰ জীৱনযাত্ৰা। ভ্ৰমণকাৰীসকলৰ মতে, সেই গাওঁখনৰ ছোৱালীবোৰো পৃথক।
ৰাজো বৰ্মা সেই অতি প্ৰান্তীয় গাওঁখনৰ বাসিন্দা। তেওঁৰ দুই পুত্ৰ আৰু পাঁচগৰাকী স্বামীৰে এখন সুখৰ সংসাৰ। গাওঁখনৰ পুৰণি পৰম্পৰা ৰাজোৱে বজাই ৰাখিছে। স্বামীসকল সকলো ভাতৃ। প্ৰতি নিশা ৰাজো কাৰ স’তে শুব সেইটো সম্পূৰ্ণ ৰাজোৰ সিদ্ধান্ত । এইটোৱেই অঞ্চলটোৰ ৰীতি – নীতি।
ৰাজোৰ পাঁচগৰাকী স্বামীৰ নাম হৈছে সন্ত ৰাম, বাজজু, গোপাল, গুড্ডু, দিনেশ।
আনহাতে, একেধৰণে সুখেৰে সংসাৰ চলাইছে সুনীতা দেৱীয়ে । তেওঁ অৱশ্যে দুজন স্বামীৰ পত্নী। তেওঁৰ দুই স্বামীও ভাতৃ। এজন ৰঞ্জিত সিং, আনজন চান্দৰ প্ৰকাশ।
সুনীতাই কয় যে তেওঁ বহুত ভাগ্যৱান। কিয়নো তেওঁ দুজন স্বামীৰ পত্নী। তেওঁ আৰু জনাইছিল যে তেওঁক এজনে ৰন্ধন কাৰ্যত সহায় কৰে আৰু আনজনে ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰাত সহায় কৰে।
একেদৰে, বুদ্ধি দেৱীয়েও বিয়া কৰাইছে দুজন ভাতৃক । তেওঁৰ বয়স এতিয়া প্ৰায় ৮০ বছৰ। তেওঁৰ এজন স্বামীৰ মৃত্যু হৈছে আৰু এতিয়া তেওঁ আনজনৰ স’তে সংসাৰ কৰি আছে।
বুদ্ধি দেৱীয়ে কয় যে তেওঁলোকৰ এই পৰম্পৰা যোৱা শতিকাৰ পৰাই চলি আছে। তেওঁলোকৰ যি মাটি আছে সেই মাটি ল’ৰাবোৰৰ মাজত ভাগ কৰি দিয়া হয় । পাছলৈ, যেতিয়া তেওঁলোকে পুনৰ বিবাহ পাশত আৱদ্ধ হয়, তেওঁলোকে তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মক মাটিখিনি দান কৰে। কিন্তু সকলোৰে ভায়েকৰ যিহেতু মাত্ৰ এগৰাকী পত্নী আছে, সেয়েহে পৃথক ভূমি সকলোৰে নামত বিভক্ত হোৱাৰ কোনো সম্ভাৱনা নাথাকে।