সোমবাৰে পাণ্ডু সদিলাপুৰ সাৰ্বজনীন মহা ৰুদ্র যজ্ঞ উদযাপন সমিতিৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এক বৃক্ষ ৰোপনৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৃক্ষ ৰোপণ অনুষ্ঠানটি মুকলি কৰে জালুকবাৰী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী তথা সমাজ সংগঠক ও সমাজ সংস্কাৰক হৃষিকেশ দাসে। এই বৃক্ষৰোপনৰ শুভাৰম্ভ কৰি হৃষিকেশ দাসে কয় যে আজি এই পবিত্ৰ দিনত মহৎ উদ্দেশ্য আগত ৰাখিয়েই পাণ্ডু সদিলাপুৰ শ্ৰী শ্ৰী মহাৰুদ্র যজ্ঞ পৰিচালনা কমিটিয়ে বৃক্ষৰোপনৰ অনুষ্ঠানৰ আয়োজন কৰিছে।
আমি হিন্দু ধৰ্মৰ হোম যজ্ঞ পূজা পাতলত অতি প্রয়োজনীয় আম, বকুল,আহত, বট, ডম্বৰু, গছৰ আগ বিছাৰি ঘুৰি ফুৰিব লগা হয়। যেতিয়া এই গছখিনি ডাঙৰ হব তেতিয়া দূৰ দূৰণিৰ পৰা এই গছৰ আগ নিব পাৰিব। কাৰণ এই কেইবিধ গছ বিছাৰিলে সকলোতে পাই যদিও একেলগে কতো নাপায়। এই বৃক্ষৰোপন অনুষ্ঠানত বহুতো মানুহে ভাগ লয় যদিও জালুকবাৰী নাগৰিক কমিটিৰ উপদেষ্টা তথা জালুকবাৰী আঞ্চলিক ৰঙালী বিহুৰ সভাপতি বসন্ত গোস্বামী, শ্রী শ্রী মহা ৰুদ্র যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি বিনয় কৃষ্ণ ঠাকুৰীয়া, কার্যকৰী সভাপতি পদুম শর্মা, পাণ্ডু সদিলাপুৰ বাবা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতিষ দাস, গুৱাহাটী ইউথ ক্লাৱৰ সম্পাদক অৰুন জোতি মেধি, খিলীঞ্জয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালীয়ে একোটাকৈ গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰা হয়।