ধাৰাসাৰ বৃষ্টিপাতে নেপালত সৃষ্টি কৰিছে প্ৰলয়ংকাৰী বানৰ।
নেৰানেপেৰা বৰষুণৰ ফলত মধ্য নেপালৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে সৃষ্টি হোৱা বানে কাঢ়ি নিছে ৭জনকৈ লোকৰ প্ৰাণ।
ইফালে,বানৰ ফলত ৫০ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে।
বানপানীৰ ফলত ভাঙি গৈছে কেইবাখনো দলং। যাৰ ফলত বহু স্থানত যাতায়াত স্তব্ধ হৈ পৰিছে।
আনহাতে, বানে তাণ্ডৱ চলোৱা স্থানত দলংবোৰ ভাঙি পৰাৰ ফলত উদ্ধাৰ অভিযানতো বহু সমস্যাৰ সৃষ্টি হৈছে।
যোৱা ৪৮ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত মেলমছী নদী বিপদসীমাৰ বহু ওপৰলৈ ওফোন্দি উঠিছে।
নদীখনৰ বাঢ়নি পানীয়ে সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে ৰাইজক।
জানিব পৰা মতে, এই বানত প্ৰায় ২০০টাকৈ ঘৰ উটি গৈছে।