বছৰৰ প্ৰথমটো বান তথা ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ হাফলঙত ভূমিস্খলনে অত্যন্ত ভয়াৱহ ৰূপ গ্ৰহণ কৰাত বিপৰ্যস্ত হৈছে অসমৰ জনজীৱন৷ এইপৰ্যন্ত ২৯খন জিলাত আক্ৰান্ত হৈছে প্ৰায় ৭.১২ লাখ লোক৷ অসমৰ বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত শেহতীয়াকৈ আৰু চাৰিজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি পালে৷ অপৰিৱৰ্তিত বান পৰিস্থিতি শুকুৰবাৰে অতি ভয়ংকৰ হৈ পৰিছিল আৰু চাৰিজন লোকৰ জলপ্লাৱনত মৃত্যু হৈছিল। আনহাতে কাছাৰ জিলাত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে লখিমপুৰ আৰু নগাঁৱত এজনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে, প্ৰভাৱিত ২৯খন জিলাৰ ২,২৫১খন গাঁৱত মুঠ ৮০০৩৬.৯০ হেক্টৰ শস্য পথাৰ ক্ষতিগ্ৰস্ত হৈছে। ২৩৪টা সাহায্য শিবিৰত ৭৪,৭০৫জনৰো অধিক লোকে আশ্ৰয় লৈছে। ক্ষতিগ্ৰস্ত জিলাবোৰ হৈছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চাৰিদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ মেট্ৰ’পলিটান, কাৰ্বি আংলং পশ্চিম, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী ইত্যাদি৷
আনহাতে, ভাৰতীয় বায়ু সেনাৰ সহায়ত বিগত দুদিনত সৰ্বাধিক ক্ষতিগ্ৰস্ত ডিমা হাচাও জিলালৈ ২৪ মেট্ৰিক টন খাদ্য সামগ্ৰী পৰিবহণ কৰাৰ সময়ত মুঠ ২৬৯জন আৱদ্ধ লোকক উদ্ধাৰ কৰা হৈছে। ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়া সকাহ মুকলি কৰাৰ বাবে কাছাৰ আৰু ডিমা হাচাও জিলাক অতিৰিক্ত ২ কোটি টকাকৈ আৱণ্টন দিছে।
ইউনিচেফে বান সাহায্য কায্য নিৰীক্ষণৰ বাবে কাছাৰ, হোজাই, দৰং, বিশ্বনাথ, নগাঁও, মৰিগাঁও আৰু ডিমা হাচাওৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক সহায় কৰিবলৈ কাৰিকৰী বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰ সাতটা দল মোতায়েন কৰিছে। পাহাৰীয়া জিলাৰ দূৰৱৰ্তী অঞ্চলসমূহৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে ভঙা যোগাযোগ প্ৰণালীবোৰ পুনৰুদ্ধাৰকৰাৰ বাবেও ইতিমধ্যে পদক্ষেপ লোৱা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে।