নিউজ ডেস্কঃ সোমবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটক লৈ সমগ্ৰ দেশৰ লগতে অসমতো এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷
বাজেটখনক লৈ এতিয়া বিৰোধী আৰু শাসক পক্ষই দুই মেৰুত অৱস্থান কৰিছে ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰীয় বাজেটখনক জনমুখী,উন্নয়নমুখী বুলি অভিহিত কৰি উষ্ম আদৰণি জনাইছে ৷
আনহাতে বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফ, অসম জাতীয় পৰিষদে বাজেটখন ফোঁপোলা,হতাশজনক বুলি আখ্যা দি সমালোচনা কৰিছে ৷
সোমবাৰে নতুন দিল্লীত এখন সংবাদমেলত পি চিদম্বৰমে কয় য়ে বিত্ত মন্ত্ৰীয়ে দেশৰ জনতাক বিশ্বাসঘাতকতা কৰিলে ৷
সেইদৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বাজেটখনক সমোলচনা কৰি কয় যে মোডী চৰকাৰ পুঁজিপতিক সন্তুষ্ট কৰাত ব্যস্ত হৈছে ৷