অসমৰ এগৰাকী বিশিষ্ট লোকবাদ্য শিল্পী তুলসী ওজা আৰু আমাৰ মাজত নাই। এসময়ত ঢোলৰ চাপৰত উজনিৰ পৰা নামনিলৈ ৰাজ্যবাসীক মোহাচন্ন কৰি ৰখা ঢোলৰ যাদুকৰ তথা গণশিল্পী তুলসী ওজাই অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত উজ্জ্বলাই তুলিছিল ৷ অসমৰ ঢুলীয়া সংস্কৃতিক কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নি সন্মান বুটলা তুলসী ওজাক প্ৰতিমা পাণ্ডে বঁটাৰেও সন্মানিত কৰা হৈছিল।
১২ বছৰ বয়সৰ পৰাই ঢোল কান্ধত তুলি লোৱা শিল্পী তুলসী ওজা বহুদিন ধৰি জটিল গ্ৰন্থি বিষত আক্ৰান্ত হৈ আছিল। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ভালুকমৰা গাঁৱৰ এই গণশিল্পী গৰাকীৰ মৃত্যু সমগ্ৰ অসমৰ বাবে এক অপূৰণীয় ক্ষতি৷