ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ আছিল তিনিবাৰ বিশ্বকাপ জয় কৰা একমাত্ৰ খেলুৱৈ, যিয়ে ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল।
কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা পেলে দীৰ্ঘদিন ধৰি কেমোথেৰাপি লৈ আছিল। ২৯ নৱেম্বৰত শ্বাস–প্ৰশ্বাসত কষ্ট পোৱাৰ পিছতে ছাও পাওলোৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ১৯৪০ চনৰ ২৩ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল এডছন আৰান্তেছ ডো নাছিমেণ্টোৱে, যাক সমগ্ৰ বিশ্বই ‘পেলে’ নামেৰে জানে। পিতৃৰ পৰা ফুটবল শিকা পেলেই তিনিবাৰকৈ বিশ্বজয় কৰিবলৈ সক্ষম হৈছিল।
ব্ৰাজিলৰ মিনছ গেৰেছ ৰাজ্যত জন্মগ্ৰহণ কৰা মহান খেলুৱৈগৰাকী এতিয়ালৈ ছেলেকাঅ’ৰ বাবে সৰ্বাধিক গ’ল কৰা খেলুৱৈ। তেওঁ ৯৫খন মেচত ৭৭ গ’ল কৰিছে। ফিফাৰ দ্বাৰা তেওঁক ‘দ্য গ্ৰেটেষ্ট’ নামেৰে বিভূষিত কৰা হৈছিল। ফুটবল খেলুৱৈ হিচাপে পেলেৰ কেৰিয়াৰ খুব কম বয়সতে আৰম্ভ হৈছিল। পেলেই ১৫ বছৰ বয়সত ছান্তোষৰ ফালৰ পৰা ফুটবল খেলা আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত হৈছিল।