ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ ফলত দীর্ঘদিন ধৰি দিল্লীত অক্সিজেনৰ নাটনিয়ে দেখা দিছিল।
অক্সিজেনৰ নাটনিৰ বাবে বহু ক’ৰোনা আক্ৰান্ত ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছিল।
বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে দিল্লীত প্ৰথমবাৰৰ বাবে যোগান ধৰিলে ৭০০ টন অক্সিজেন।
যাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ধন্যবাদ জ্ঞাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰক।
লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে দিল্লীত এদিনৰ বাবে ৭০০ টন অক্সিজেন যোগান ধৰিলে যথেষ্ট নহয়।
अगर दिल्ली को रोज़ 700 टन ऑक्सीजन मिलती रही, तो हम दिल्ली में जगह जगह नए ऑक्सीजन बेड बनाएंगे। सभी को ऑक्सीजन बेड उपलब्ध होंगे, हम ऑक्सीजन की कमी से किसी की मौत नहीं होने देंगे। pic.twitter.com/UvkuVHCZcB
— Arvind Kejriwal (@ArvindKejriwal) May 6, 2021
দিল্লীত প্ৰতিদিনে ৭০০ টন অক্সিজেনৰ প্ৰয়োজন হয়।
যদিহে দিল্লীক প্ৰতিদিনে ৭০০ টনকৈ অক্সিজেনৰ যোগান ধৰা হয় তেন্তে দিল্লীৰ চিকিৎসালয়ত অক্সিজেন দিব পৰা বিছনাৰ সংখ্যা ৯ হাজাৰলৈ বৃদ্ধি কৰিব পাৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
Photo Credit :Google