গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল চৌহদত ( GMCH) মঙলবাৰে সন্ধিয়াৰ প্ৰাকক্ষণত এটা নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰাৰ ছবি ভাইৰেল হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। খাদ্যৰ সন্ধানত ওচৰতে থকা নৰকাসুৰ পাহাৰৰ পৰা নাহৰফুটুকীটো নামি অহা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই। ইফালে নাহৰফুটুকীটো পিঞ্জৰাৰে ধৰিবৰ বাবে বুধবাৰে বিয়লি জি এম চি এইচ চৌহদত থকা প্ৰেক্ষাগৃহৰ সমীপত ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে এটা পিঞ্জৰা স্থাপন কৰিছে। বাতৰি লিখাৰ পৰলৈকে নাহৰফুটুকীটোৰ কোনো ধৰণৰ শুংসুত্ৰ পোৱা হোৱা নাই যদিও ফটাশিল খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়াৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে তাত বাহৰ পাতি পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে।
উল্লেখ্য যে মঙলবাৰে সন্ধিয়া স্থানীয় লোকে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াৰ পাছত পলমকৈ হলেও আৰক্ষী আৰু বন বিভাগৰ লোক তাত উপস্থিত হৈ নাহৰফুটুকীটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে জি এম চি এমৰ লগতে থকা নৰকাসুৰ পাহাৰৰ পৰা প্ৰায়ে নাহৰফুটুকী ওলাই আহি জিএমচিএইচ- কাহিলীপাৰা সংযোগী পথত মুকলি বিচৰণ কৰে।