গুৱাহাটী মহানগৰীৰ লখৰাৰ পৰা কিছু নিলগৰ অসম – মেঘালয় সীমান্তবৰ্তী গড়ভঙা সংৰক্ষিত বনাঞ্চল আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ ৰাণী সংৰক্ষিত বিগত কিছুদিন ধৰি চলি থকা বনদস্যুৱে চলাই অহা অবাধ ধ্বংস কাৰ্যত ক্ষোভ ব্যক্ত কৰিছে প্ৰকৃতিপ্ৰেমী লোক সকলে। আনহাতে এই ক্ষেত্ৰত বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ দক্ষিণ গুৱাহাটীৰ বনাঞ্চলিক আৰু ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ একাংশ দায়িত্ববাহী বনকৰ্মীয়ে গ্ৰহণ কৰা নীৰৱ ভূমিকাত প্ৰকৃতিপ্ৰেমী লোক সকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰকৃতিপ্ৰেমী লোক সকলে সদৰি কৰা অনুসৰি গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ নতুন গড়ভঙা, জালুক পাহাম আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ নতুন ৰাণী আদি অঞ্চলত অব্যাহত আছে বনদস্যুৰ বন ধ্বংস অভিযান।
বনদস্যুৰূপী চোৰাং কাঠ বেপাৰীয়ে ওচৰা – ওচৰিকৈ থকা ৰাণী আৰু গড়ভঙা দুয়োখন সংৰক্ষিত বনাঞ্চলত সুযোগ বুজি বন ধ্বংস কাৰ্য চলাই আহিছে। জালুক পাহামৰ উপৰিও নৰলং, চাংমা নগৰ, আমৰিং আদিত বন ধ্বংস কাৰ্য চলি আছে। মেঘালয় সীমান্তবৰ্তী পশ্চিম গুৱাহাটী সমষ্টিৰ এই বনাঞ্চল সমূহত দায়িত্ববাহী বনকৰ্মী সকলৰ ৰহস্যজনক ভূমিকাৰ সুযোগ লৈ সমান্তৰালভাবে প্ৰশাসন চলাইছে বনদস্যু সকলে। বনকৰ্মীৰ ৰহস্যজনক ভূমিকাৰ বাবে অসমৰ চোৰাং কাঠ মেঘালয়লৈ নি তাৰ মিলত ফলা হয়। সেই ফলা কাঠ নতুন ৰাণী হৈ মিৰ্জা , পলাশবাৰীৰ বিভিন্ন অঞ্চললৈ যোগান ধৰা হয়।
জানিব পৰা মতে বহু চোৰাং কাঠৰ কুণ্ডা এতিয়াও বনাঞ্চলৰ মাজত বিভিন্ন অঞ্চলত গোপন ঠাইত মজুত কৰি ৰাখিছে কাঠ মাফিয়া কেইজনমানে। এই কাঠ সমুহ নতুন ৰাণী আৰু কপিলীৰ মাজেৰে ডি আই গাড়ীৰে পলাশবাৰী আৰু পশ্চিম গুৱাহাটীৰ বিভিন্ন ঠাইত থকা কাঠ মিলত যোগান ধৰিবলৈ বিভিন্ন পক্ষক মেনেজ কৰি আহিছে বুলি অভিযোগ কৰিছে একাংশ সচেতন প্ৰকৃতিপ্ৰেমী লোকে। ইফালে গোপন ডিপোত জমা কৰি ৰখা মূল্যবান চোৰাং কাঠ জব্দ কৰি অৰণ্য সুৰক্ষিত কৰি ৰখাৰ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডলৰ ডি এফ অক আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী লোক সকলে।