কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত শনিবাৰে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত চলা এক অভিযান কালত ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনকৰ্মী চনিয়া ওৰাং আৰু গৃহৰক্ষী জোৱান দ্বিপেন নাথৰ পৰা গঁড়ৰ খৰ্গৰ টুকুৰা উদ্ধাৰ হয়। ইয়াৰ পাছতে দুয়োকে আটক কৰা হয়।সুৰক্ষাকৰ্মীৰ পৰা খৰ্গ উদ্ধাৰ হোৱাৰ এই ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
খবৰ অনুসৰি দুয়োৱে বিগত বৰ্ষত উদ্যানখনত পৰি ৰোৱা কিছু সংখ্যক গঁড়ৰ খৰ্গ কতৃপক্ষক ওভোতাই দিছিল যদিও সেইসমূহৰ এটুকুৰা গোপনে ৰাখি থৈছিল।পৰৱৰ্তী সময়ত সেই খৰ্গ টুকুৰা বিক্ৰী কৰাৰ বাবে ব্যৱসায়ীৰ সন্ধান চলাই আছিল দুয়োৱে। ইয়াৰ মাজতে দুয়োৰে মাজত মনোমালিন্যৰ সৃষ্টি হয় আৰু সমস্ত ঘটনা পোহৰলৈ আহে।