বিক্ৰমে ইমান দিনে পৰিয়ালটোক জীৱন দি আহিছিল
বিক্ৰমে ইমান দিনে পৰিয়ালটোক ভাত মুঠি দি আহিছিল
ব’হাগৰ প্ৰথমটো পুৱাতেই বিক্ৰম বলীয়া হ’ল
ইমান দিনে জীৱন দি অহা বিক্ৰমে সিদিনা জীৱন কাঢ়ি লৈ গ’ল
পৰিয়ালটোৰ উপাৰ্জনৰ মূল মানুহজনৰ জীৱন সি কাঢ়ি লৈ গ’ল
পত্নী আৰু পুত্ৰক এৰি যোৱাৰ পিছত পত্নীয়ে কান্দি কান্দি সমস্ত ঘটনাৰ কথা বিৱৰি ক’লে-
‘দুপৰীয়া আহিছে, ভাত খোৱা নাই, বিছনাত অলপ সময় বাগৰি পুনৰ ওলাই যাবলৈ ওলোৱাত, মই ক’লো তেওঁক ভাত খাই যাবলৈ। কিন্তু ৰাজুই ক’লে মই তাতে ভাত খাই লম। তেওঁ হাতীত কাম কৰিব বিচৰা নাছিল, ৰেঞ্জাৰে জোৰ কৰি লৈ গৈছিল। এসপ্তাহ যোৱা নাছিল, বিছনাতে বহি বহি কান্দি আছিল। ময়ো কান্দিলো। তাৰ পিছত কান্দি কান্দি ক’লে মই কি কৰি খাম। উপায়হীন হৈ যাবলগীয়া হ’ল। আমাৰ এতিয়া চলিবলৈ টকা-পইচা একো নাই।’
‘১১ বছৰ ধৰি চাকৰি কৰি আছিল। পিছত এৰি দিলে। পুনৰ ৰেঞ্জাৰে জোৰ কৰি লৈ গ’ল। যাবলৈ ইচ্ছা কৰা নাছিল। ঘৰতে বহি ৮-৯ দিন কান্দিছে। ভাত-পানী নোখোৱাকৈ কান্দি কান্দি কৈ আছিল- ‘মই এতিয়া কি কৰি খাম। মোৰ ল’ৰাৰ বয়স ডেৰ বছৰ। গোটেই দিনটো ‘বাপ-বাপ’ কৰি থাকে। মই এতিয়া ল’ৰাটোক লৈ কেনেকৈ চলিম। এটকা এটা হাতত দি থৈ যোৱা নায়। তেওঁৰ মৃত্যুৰ পিছত বন বিভাগৰ ফালৰ পৰা এতো এটা দিয়া নায়। ৰেঞ্জাৰে জোৰ কৰি লৈ গৈ মোৰ স্বামীক হত্য়া কৰিলে। আমাৰ মাটি-বাৰি একো নাই, কি কৰিম এতিয়া?’- হিয়া ঢাকুৰি কান্দি কান্দি পত্নীয়ে ৰেঞ্জাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে।
এইফালে ৰাজুৰ পিতৃয়ে অভিযোগ উত্থাপন কৰে যে,-
‘ৰেঞ্জাৰে ৰাজুক জোৰ কৰি হাতীৰ মাউতৰ কামত খটুৱাইছিল। ৰাজুৱে বাৰে বাৰে নোৱাৰো নোৱাৰো কৈছিল, কিন্তু ৰেঞ্জাৰে কাম এৰি দিবলৈ ভাবুকি প্ৰদান কৰিছিল। এই সন্দৰ্ভত পিয়ুষ হাজৰিকাক ফোন কৰিলে কিন্তু একো ফলাফল নাপালে। গাঁৱৰ কেইবাজনো মানুহ লৈ ৰেঞ্জাৰৰ ওচৰলৈ গৈছিল।
ৰাজুৱে ৰেঞ্জাৰৰ হাতে-ভৰি ধৰি কৈছিল যে-
‘মই এই কামটো কৰিব নোৱাৰো। কিন্তু জোৰ কৰি কামত খটুৱাই আমাৰ মাজৰ পৰা ল’ৰাটোক লৈ গ’ল।
যাদুৰ ঠাই মায়ঙত সিদিনা পুৱাতেই নিজৰ সংগী হাতীটোৰ হাততেই প্ৰাণ দিলে ৰাজু দাসে।
পবিতৰা অভয়াৰণ্যৰ বন বিভাগৰ অধীনৰ বিক্ৰম নামৰ হাতীটোৰ হাততেই প্ৰাণ দিবলগীয়া হ’ল ৰাজু দাস নামৰ হাতীৰ মাউতজনে।
বন বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাপে পবিতৰা অভয়াৰণ্যত নিয়োজিত হৈ থকা ৰাজু দাসে সিদিনা পুৱাতেই বন্ধা অৱস্থাত থকা হাতীটো খুলি দিবলৈ গৈছিল।
ইয়াৰ পিছতেই সংঘটিত হৈছিল দুৰ্ভাগ্যজনক এই ঘটনা।
পবিতৰা অভয়াৰণ্যৰ বন বিষয়াৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিলে যে,-
‘যিটো দুৰ্ঘটনা সংঘটিত হ’ল, তাৰ বাবে আমি যথেষ্ট দুঃখিত। প্ৰাণীৰ লগত কেতিয়া কি হয় আমিও ক’ব নোৱাৰো। দুৰ্ঘটনাটোত নিহত হোৱা কৰ্মচাৰীজনৰ পৰিয়ালক বন বিভাগৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়াম। তেওঁলোকে সহায় পাবয়ে।’
মায়ঙৰে ঠেংভঙা নিবাসী ৰাজুৰ আছে এটি ডেৰ বছৰীয়া পুত্ৰ সন্তান।
পৰিয়ালৰ লোকে অভিযোগ কৰিছে, নিহত ৰাজুৰ নাছিল হাতী পৰিচালনাৰ কোনো প্ৰশিক্ষণ।
অস্থায়ী কৰ্মচাৰী হিচাপে নিয়োজিত ৰাজু দাসক হাতীৰ মাউতৰ লগতে অন্যান্য বিভিন্ন কামতে ব্যৱহাৰ কৰিছিল বন বিভাগে।
কিন্তু কোনো প্ৰশিক্ষণ নোহোৱাকৈ বন্যপ্ৰাণী পৰিচালনাৰ এক স্পৰ্শকাতৰ বিষয়ত কিদৰে নিয়োগ কৰা হৈছে অস্থায়ী কৰ্মচাৰী!
ৰাজু দাসক জোৰ কৰি অন্য বিভাগত লৈ যোৱা সন্দৰ্ভত ডেপুটি ৰেঞ্জাৰগৰাকীয়ে ক’লে যে,
‘কেজুৱেল কৰ্মী হিচাপে তেওঁ কাম ইয়াতো কৰিব লাগিব তাতো কৰিব লাগিব। ইয়াত কোনো ধৰাবন্ধা নীতি-নিয়ম নায়। আমাৰ যি কাম ওলাই সকলোতে যাব লাগে বা কৰিব লাগে। আমি পৰিয়ালৰ পৰা একাউণ্ট নম্বৰ বিচাৰি আছো। একাউণ্টটো তেওঁৰ হয় নে নহয় পৰীক্ষা কৰি আমি আমাৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়াম। চৰকাৰী ফালৰ পৰা যিখিনি সুবিধা প্ৰদান কৰিব পাৰো আমাৰ ফালৰ পৰা কৰি দিম।’
এয়া বন বিভাগৰ ভিতৰতে সংঘটিত ঘটনা যদিও হাতী-মানুহৰ মাজৰ সম্পৰ্ক ক্ৰমাৎ গুৰুতৰ হৈ পৰিছে।
অসমৰ পাহাৰীয়া জিলাবোৰৰ উপৰি নাগালেণ্ড সীমান্ত, অসম-অৰুণাচল, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত হাতীৰ উপদ্ৰৱৰ বাবে সাধাৰণ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।
যোৰহাট, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, চিৰাং, বঙাইগাঁও, বাগসাৰ, লখিমপুৰ, শোণিতপুৰ, দৰং আদি জিলাত সাধাৰণতে হাতীৰ উপদ্ৰৱ বেছি।
দৰঙৰ ভাৰত-ভূটান সীমান্তৰ লগতে যোৰহাটৰ মৰিয়নী, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া স্থান, বাগসাৰ ভাৰত-ভূটান সীমান্তত হাতীৰ আক্ৰমণ নিত্য নৈমিত্তিক ঘটনালৈ পৰিৱৰ্তিত হৈছে।
হাতী-মানুহৰ সংঘাতৰ বাবে কোন দায়ী সেয়া ভাবি চোৱাৰ সময় সমাগত।
যিমানেই বনাঞ্চল ধ্বংস হ’বলৈ ধৰিছে, বেদখলৰ বাবেই হওক বা আগলৈকে হাতীৰ ক’ন ৰিড’ৰ হিচাপে চিহ্নিত বনাঞ্চলৰ কিছুমান বিশেষ অঞ্চলত বেদখল বা উদ্যোগ স্থাপন অথবা চোৰাং কাঠ বেপাৰীয়ে ধ্বংস যজ্ঞ চলোৱাৰ ফলত বন্যহস্তীৰ বিচৰণভূমিৰ অভাৱ ঘটিল।
সমান্তৰালভাৱে খাদ্য সামগ্ৰীৰো অভাৱ হ’বলৈ ধৰিলে।
ফলত বন্যহস্তীয়ে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিলে।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি সততে ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।
হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
কেতিয়াবা বনকৰ্মী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নোহোৱাও নহয়।
আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়াও হৈছে।
কেতিয়াবা আকৌ চোৰাং চিকাৰীৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যুও হৈছে।
আক্ৰমণত চিৰদিনৰ বাবে ঘুণীয়াও হৈছে। দৰাচলতে এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে সেয়া ভাবি চোৱাৰ সময় আহি পৰিছে।
কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।
Photo: Headline8
Input: Md.Safiqul Islam