গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহত কৃষক সকলে শালিধানৰ খেতি ৰোৱাৰ বাবে সাজু হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্রব আৰম্ভ হোৱাত চকুৰে সৰিয়হ ফুল দেখিব লগীয়া হৈছে। বিশেষকৈ বৃহত্তৰ ৰাণী অঞ্চলৰ নিৰলপুৰ, বিক্ৰমপুৰ, পাজিবিন্ধা, নালাপাৰা, বেলগুৰি, চেঁচা, মৈৰাপুৰ, মানিকপুৰ, পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষক সকলে শালিধানৰ খেতি আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত কঠিয়া সিঁচা কাম আৰম্ভ কৰিছিল। কিন্তু বিগত দুই সপ্তাহৰো অধিক দিন ধৰি নিশাৰ ভাগত পোৱালীসহ অহা এটা প্ৰায় ২০/২৫ জনীয়া বনৰীয়া হাতীৰ জাকে কঠীয়া গছকি, ফেনেকী নষ্ট কৰি পেলাইছে। আনকি বিগত তিনি- চাৰি দিন ধৰি সেই জাকটোৰ হাতীসমূহে খাদ্যৰ সন্ধানত দুইৰ পৰা পাঁচজনীয়া একোটা গোটত ভাগ ভাগ হৈ খেতিপথাৰ আৰু মানুহৰ বাৰীত সোমাই আম, কঁঠাল, কুঁহিয়াৰ, কলকে ধৰি আন আন ঋতুকালীন শস্য খাই সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
তাৰ মাজতে তেনেকুৱা আবদ্ধ হৈ পৰা দুটা বনৰীয়া হাতীক উলিয়াই পঠিয়াবৰ বাবে শুকুৰবাৰে নিশা বনকৰ্মীয়ে শূন্যলৈ কেবা ৰাউণ্ড গুলী চলাব লগীয়া হয়। প্ৰাপ্ত খবৰ মতে বিক্ৰমপুৰৰ প্ৰয়াত নগেন কলিতাৰ দুই পুত্ৰ ক্ৰমে – নীৰেন কলিতা আৰু কিৰেন কলিতাৰ বাৰীত বৃহস্পতিবাৰে নিশাৰ ভাগত খাদ্যৰ সন্ধানত দুটা বনৰীয়া হাতী বেৰ ভাঙি প্ৰৱেশ কৰিছিল। কিন্তু ওচৰা ওচৰিকৈ থকা পৰিয়াল দুটাই শুকুৰবাৰে পূৱা শুই উঠিয়েই তেওঁলোকৰ বাৰীত হাতী দুটা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে। তাৰ পাছত এই সন্দৰ্ভত কিছু নিলগত থকা বন বিভাগৰ নাল্লাপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত এটা বনকৰ্মীৰ দল আহি হাতী দুটাক খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও বিফল হয়।
তাৰ পাছত ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীক অৱগত কৰাত তেওঁ এটা বনকৰ্মী আৰু বং সুৰক্ষা বাহিনীৰ জোৱানৰ দল বিক্ৰমপুৰলৈ প্ৰেৰণ কৰে। কিন্তু বিয়লি পৰ্যন্ত আবদ্ধ হৈ পৰা হাতী দুটা ওলাই নোযোৱাত ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত এটা বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ জোৱানৰ দল বিক্ৰমপুৰত উপস্থিত হয়। তাৰ পাছত সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত বনকৰ্মীৰ দলে শূন্যলৈ পাঁচ ৰাউণ্ড গুলী চলোৱাৰ পাছতহে আবদ্ধ হাতী দুটাক অহা বাটেৰে খেদি পঠিয়াবলৈ সক্ষম হয় বনকৰ্মীৰ দলটোৱে। ইফালে এই সন্দৰ্ভত ৰাণী মৈৰাপুৰ আঞ্চলিক বনৰীয়া হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ, সম্পাদক বিনয় দাস, বিক্ৰমপুৰৰ উদীয়মান যুৱ কৃষক জোন ৰাভা, আদৰ্শ কৃষক ৰজনী দাসকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত পোৱালীসহ নামি অহা হাতীৰ জাকটোৱে উক্ত অঞ্চলত সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত ভাগ ভাগকৈ প্ৰৱেশ কৰি প্ৰায় ৫০ বিঘা মাটিত ৰুব পৰাকৈ ইতিমধ্যে সিঁচা শালিধানৰ কঠিয়া নষ্ট কৰি পেলাইছে। তদুপৰি বনৰীয়া হাতীৰ জাকটোৱে স্থানীয় গৃহস্থৰ ঘৰ-বাৰীত সোমাই কুঁহিয়াৰ-কল-কঁঠাল আদি খাই তহিলং কৰিছে।
উল্লেখনীয় যে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ইতিপূৰ্বে সংশ্লিষ্ট বন বিভাগে উক্ত অঞ্চল বিশেষত ‘সৌৰশক্তি চালিত ফেঞ্চিং” বহুৱাইছিল। কিন্তু যাৱতীয় প্ৰতিপালনৰ অভাৱত সেই ফেন্সিং সমুহ বেয়া হৈ পৰে। ইফালে হাতীৰ জাকটোৱে পথাৰৰ মাজত একাংশ কৃষকে জিৰণি লোৱাৰ লগতে কৃষি কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী ৰখাৰ বাবে নিৰ্মাণ কৰা চালিঘৰো ভাঙি পেলোৱাত কৃষক সকল শংকিত হৈ পৰিছে। অৱশ্যে শেহতীয়াভাৱে ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীয়ে বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ জোৱানৰ জৰিয়তে ক্ষতিগ্ৰস্ত অঞ্চলত তহলৰ ব্যৱস্থা আৰম্ভ কৰিছে যদিও ৰাইজে হাতী প্ৰতিৰোধৰ বাবে” সৌৰশক্তি চালিত ফেঞ্চিঙ সমুহ কাৰ্যক্ষম কৰিবলৈহে দাবী জনাইছে।