ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ হাৰ ।
দৈনিক অধিক হাৰত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
আজি অসমৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আক্ৰান্ত হৈ পৰিছে ক’ৰোনাত।
জানিব পৰা অনুসৰি ২বাৰকৈ ক’ৰোনা প্ৰতিষেধক লোৱাৰ পিছতো তেওঁ আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত।
এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তা জনে।
তেওঁ জনাইছে যে ৫ এপ্ৰিল তাৰিখে ক’ৰোনা প্ৰতিষেধকৰ ২টা ড’জ গ্ৰহণ কৰা সম্পূৰ্ণ হৈছিল।
আৰু তেওঁ যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছিল কিন্তু তাৰ পিছতো কালি তেওঁৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰে।
বৰ্তমান তেওঁ নিজে আইছ’লেচনত আছে।গতিকে তেওঁ সুস্থ নোহোৱালৈকে টুইটাৰৰ পৰা বিৰত থাকিব।
I will be off Twitter till my recovery.
— Nilay Dutta (@nilaydutta) April 27, 2021
Photo Credit: Google