আজি ভাৰতৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান ঘটিল।
আজি পুৱা নতুন দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈ।
বহুদিন আগৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল ৰঞ্জন গগৈৰ মাতৃ।
মৃত্যুৰ সময়ত শান্তি গগৈৰ বয়স আছিল ৯৫ বছৰ।
ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈ আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী তাৰ উপৰি এগৰাকী সমাজসেৱীকা ৰূপেও পৰিচিত আছিল শান্তি গগৈ।
দেশৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে।
Photo Credit:Google