সমগ্ৰ দেশতে ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ ঘটিছে, সেইদৰে অসমতো ক’ভিড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সাধাৰণ লোকৰ উপৰিও অসমৰ বহুতো বিশিষ্ট ব্যক্তি তথা অসম আৰক্ষীৰ বহুকেইজন বিষয়াও ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। শেহতীয়াকৈ, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
কিছুদিন ধৰি তেওঁৰ সামান্য জ্বৰ- চৰ্দি অনুভৱ হৈ আছিল। সন্দেহবশতঃ পৰীক্ষা কৰোৱাত তেওঁ পজিটিভ বুলি গম পায়। অৱশ্যে, ক’ভিডৰ মৃদু লক্ষণ দেখুওৱাৰ পিছৰে পৰা শইকীয়াই নিজকে পৃথক কৰি ৰাখিছে বুলি জনা গৈছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিি।ৰ