সমগ্ৰ দেশতে ভয়াবহ ৰূপত বৃদ্ধি ক’ৰোনা ।
ক’ৰোনা সংক্ৰমণৰ বাবে দেশত বহু লোক মৃত্যুমুখত পৰিছে।
আজি পুৱা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডঃ এ কে ৱালিয়া ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হয়।
দীৰ্ঘদিন ধৰি ক’ৰোনাত আক্ৰান্ত হৈ দিল্লীৰ এপোলো হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী।
অৱশেষত আজি শেষ নিশ্বাস ত্যাগ কৰে এ কে ৱালিয়াই।
প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠন নেতা কৰ্মী সকলে।
Photo Credit: Google