পূৰ্বতে দুজনকৈ লোকৰ প্ৰাণ লোৱা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত পুনৰাই প্ৰাণ গ’ল এজন কিশোৰৰ। বোকাখাতৰ নাহৰজান চাহ বাগিচাত বৃহস্পতিবাৰে সংঘটিত হয় এই শোকাবহ ঘটনা৷খবৰ অনুসৰি, বাগানলৈ যোৱা বিটু গড় নামৰ কিশোৰজনক পোৱালী থকা হাতীজনীয়ে আক্ৰমণ কৰি হত্যা কৰে৷
ঘটনাৰ পিছতেই স্থানীয় লোকে জিতেন গগৈৰ গ্ৰেপ্তাৰৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে।পিছত বিক্ষোভ স্থলীত উপস্থিত হৈ বোকাখাতৰ মহকুমাধিপতিয়ে উচিত তদন্তৰ আশ্বাস প্ৰদান কৰাতহে উত্তেজনাময় পৰিস্থিতি শাম কাটে।