স্বাস্থ্যৰ অৱস্থা পুনৰ সংকটজনক হৈ আহিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ। তেওঁক জীৱন সহায়ক প্ৰণালী ( লাইফ ছাপৰ্ট ছিষ্টেম)ৰ দ্বাৰা জীৱিত ৰখা হৈছে। কিছু দিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকলে তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পাতালত উপস্থিত হৈছিল। এছজিপিজিআইয়ে বুধবাৰে তেওঁৰ স্বাস্থ্যৰ বিষয়ে তথ্য প্ৰকাশ কৰে।সেই তথ্য অনুসৰি এসময়ৰ প্ৰতাপী মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ অৱস্থা অতি সংকটজনক।
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে তেওঁক শাৰীৰিক অসুস্থতাৰ বাবে লক্ষ্ণৌৰ সঞ্জয় গান্ধী মাষ্টাৰ্ছ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত ভৰ্তি কৰোৱা হৈছিল৷চিকিৎসকসকলে উল্লেখ কৰা মতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ উন্নতিৰ বাবে বিভিন্ন বিভাগৰ জ্যেষ্ঠ চিকিৎসকসকলে তেওঁৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। চিকিৎসালয়ৰ সঞ্চালক অধ্যাপক আৰ কে ধিমানে কল্যাণ সিঙৰ চিকিৎসাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে।