জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসটি গুৱাহাটীৰ দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত ৰবিবাৰে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি ৰেৱকান্ত গগৈ, সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলি, মুখপাত্ৰ ড’ বাবু বড়ো, উপ সভাপতি ড’ বাবু ৰাভা হাকাচামকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ সদস্যসকলৰ লগতে ৰাজ্যৰ বিভিম্ন জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে। অনুষ্ঠানত পুৱা বজাত পতাকা উত্তোলন কৰাৰ লগতে ১০ বজাৰ পৰা “সমন্বয়ৰ বাটত আমি সদায়” শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় বুলি কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দীপজ্যোতি ডেকাই জানিবলৈ দিছে।
আলোচনাচক্ৰৰ মাজে মাজে কেবাগৰাকী কবিৰ কবিতা পাঠ আৰু শিল্পীৰ সংগীত পৰিৱেশনে অনুষ্ঠানটো জীপাল কৰি তোলে। জনগোষ্ঠীয় সম্প্ৰীতিৰ এনাজৰীডাল পুনৰ শক্তিশালী কৰি তোলাৰ স্বাৰ্থত বিভিন্নজনে তত্বগধূৰ বক্তব্য আগবঢ়ায়। উল্লেখ্য যে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই জনগোষ্ঠীয় একতাৰ ডোলেৰে অসমীয়া জাতিক পুনৰ শক্তিশালী কৰাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা আগবঢ়াই আহিছে। গুৱাহাটীৰ দাঁতিকাষৰীয়া জনগোষ্ঠীয় প্ৰধান অঞ্চল সোনাপুৰত অহা বহাগত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ভিন্ন পৰম্পৰাৰে পালন কৰা ৰঙালী বিহু প্ৰদৰ্শনৰ বাবে আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ঐক্যমঞ্চৰ কেন্দ্ৰীয় নেতা জাৰবম কুটুমে প্ৰস্তাৱ পাঠ কৰে।