আজি অনুষ্ঠিত হয় অসম কেবিনেটৰ চতুৰ্থখন বৈঠক।বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ নতুন বঁটা প্ৰদানৰ সিদ্ধান্ত। সিদ্ধান্ত অনুসৰিএতিয়াৰে পৰা চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰিব অসম ৰত্ন বঁটা। অসম ৰত্ন বঁটাত থাকিব নগদ ৫ লাখ টকা।
আনহাতে নতুনকৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰিব অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী বঁটা।
তিনিজন লোকক দিয়া হ’ব অসম বিভুষণ বঁটা, এই বঁটাত থাকিব ৩ লাখকৈ টকা।
৫জন লোকক দিয়া হ’ব অসম ভূষণ বঁটা, এই বঁটাত থাকিব দুই লাখকৈ টকা।
১০জনক দিয়া হ’ব অসম শ্ৰী বঁটা, এই বঁটাত থাকিব ১ লাখকৈ টকা।
বৈঠকৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিনত দিয়া হ’ব সাহিত্য বঁটাসমূহ।
একেদৰে দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ক্ৰীড়া বঁটা আৰু শিল্পী দিৱসত প্ৰদান কৰা হ’ব শিল্পী বঁটা।