ভাৰতৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰিছে।
ক’ৰোনাত মৃত্যু হৈ মৃত্যুক সাৱটিছে বহু লোকে।
সেয়ে ভাৰতলৈ সহায়ৰ হাত আগবঢ়াব ফ্ৰাঞ্চে।
কালি এই কথা ঘোষণা কৰিছে ফ্ৰাঞ্চে।
ফ্ৰাঞ্চৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাই যে,
ক’ৰোনা ভাইৰাছে সংহাৰী সৃষ্টি কৰা ভাৰতৰ লোক সকলক সহায়ৰ বাবে এক সংহতি অভিযান চলাব।
এই অভিযানত ভাৰতক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অক্সিজেন উৎপাদন প্ৰকল্প ,ভেন্টিলেটৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰী সমূহ যোগান ধৰিব বুলি জানিবলৈ দিছে ফ্ৰাঞ্চে।
Photo Credit: Google