সন্মুখত বিধানসভা নিৰ্বাচন কিন্তু নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ গাত কালিমা সানিলে এগৰাকী বিজেপিৰ প্ৰভাৱশালী নেতাই।
এবাৰ নহয় দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈ বিপাঙত পৰিছে এইগৰাকী নেতা।
প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহাৱাকৈ আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত এতিয়া দ্বিতীয়া পত্নীয়ে গোচৰ তৰিছে নেতাজনৰ বিৰুদ্ধে।
কোন এইগৰাকী প্ৰভাৱশালী বিজেপি নেতা?
যাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে দ্বিতীয় পত্নীয়ে।
দ্বিতীয়া পত্নীয়ে অভিযোগ উত্থাপন কৰা এই প্ৰভাৱশালী নেতাজনৰ নাম ছয়গাঁৱৰ হিতেশ কলিতা।
দ্বিতীয়া পত্নীয়ে অভিযোগ উত্থাপন কৰে যে, হিতেশ কলিতা নামৰ এই নেতাজনে প্ৰথমা পত্নী থাকিও তেওঁক পুনৰ বিয়া কৰোৱাই।
বিগত বৰ্ষৰ লকডাউনৰ মাজতে ৬ ছেপ্টেম্বৰত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।
কিন্তু বিবাহৰ এমাহ-দুমাহৰ পিছতে লোকজনৰ চৰিত্ৰৰ কথা উমান পাইছিল বেলতলাৰ দ্বিতীয় পত্নী নিতুমণি সিংহই।
বহু মিছা কথা কৈ নিতুমণিক বিয়া কৰোৱাৰো অভিযোগ উত্থাপন কৰিছে।
দ্বিতীয়া পত্নীয়ে এই বুলিও অভিযোগ উত্থাপন কৰে তেওঁ হিতেশ কলিতাৰ প্ৰথম পত্নীসহ সন্তান থকা বুলিও জনা নাছিল।
যেতিয়া স্বামীৰ বিষয়ে সকলো কথা গম পাই তেতিয়া অভিযুক্ত স্বামীসহ পৰিয়ালে ভাবুকি প্ৰদান কৰে এই বিষয়ে কাৰোৰে আগত যাতে কোনো কথা খোলোচা নকৰে।
নিতুমণিয়ে লগতে এই অভিযোগো উত্থাপন কৰে যে তাইৰ ওপৰত চলোৱা হৈছিল শাৰীৰিক-মানসিক নিৰ্যাতন।
কেৱল সেয়াই নহয় লম্পট নেতাজনসহ পৰিয়ালৰ লোকে জোৰ কৰি গৰ্ভপাতো কৰোৱাৰো অভিযোগ উত্থাপন কৰে দ্বিতীয়া পত্নীয়ে।
এই কথাসমূহ যেতিয়া সংবাদ মাধ্যমেই হওক বা আৰক্ষীৰ আগত কম বুলি নিতুমণিয়ে প্ৰতিবাদ কৰে।
তেতিয়া তাইক নৃশংসভাৱে মাৰধৰ কৰে।
আৰু এইখিনিতেই ক্ষান্ত নাথাকি পত্নীৰ হাতো দাঁতেৰে কামুৰি দিয়ে নেতাজনে।
ইয়াৰ পিছত ভুক্তভোগী দ্বিতীয়া পত্নীয়ে হাতীগাঁও থানাত আহি গোচৰ ৰুজু কৰে।
ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/417/498(A)/525/324/313 ধাৰা লগতে 153/21 ধাৰাতো গোচৰ পঞ্জীয়ন হিতেশ কলিতাৰ বিৰুদ্ধে।
কিন্তু বিজেপিৰ এই অভিযুক্ত নেতাজনে গুণ্ডাবাহিনীৰ এটা দল লগত লৈ আহি তেওঁলোকক বিজেপিৰ মানুহ বুলি ভাবুকি প্ৰদান কৰে।
আৰু মহিলাগৰাকীকো শাৰীৰিকভাৱে অপদস্থ কৰে।
এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায়ৰ অপেক্ষাত আছে।
তেওঁক ন্যায় দিবৰ বাবে আৰু লম্পট নেতাজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই সংবাদ মাধ্যমৰ আগত।
Photo: Headline8