পথ মেৰামতিৰ নামত পঞ্চায়ত সভানেত্ৰীৰ স্বামী আলী হুছেইনৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
পৰিৱৰ্তনৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে পৰিৱৰ্তন তথা ৰাইজৰ উন্নতি কৰিব বিচাৰে ঠিকেই।
কিন্তু একাংশ ঠিকাদাৰ স্বৰূপ পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্মচাৰীৰ গোপন বুজাবুজিৰে চলিছে ৰাইজৰ উন্নয়নৰ নামত আৱণ্টিত চৰকাৰী ধনৰ লুণ্ঠনৰাজ।
এয়া আমাৰ অভিযোগ নহয়। এই অভিযোগ স্থানীয় ৰাইজৰ।
জাগীৰোড সমষ্টিৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত পাভকাটি গাঁও পঞ্চায়তত অৱস্থিত পূব পাতেকিবৰী তিনিআলিৰ পৰা জয়নাল আব্দিনৰ ঘৰলৈ ৰাস্তা মেৰামতিৰ নামত ২০২০-২১ বৰ্ষত প্ৰায় ১০,০০,০০০ লাখ টকা আৱণ্টিত হৈছে ।
এই পথটোৱেই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ পথ।
এই পথটোৰে ইমূৰৰ পৰা সিমূৰলৈ মাজে মাজে বানপানীয়ে পথ উটোৱাই লৈ যোৱাত স্থানীয় লোকসকল যমৰ যাতনা ভুগিবলগীয়া হোৱাত পঞ্চায়তৰ ফালৰ পৰা ২০২০-২০২১ বৰ্ষত চৰকাৰে প্ৰায় ১০ লাখ টকীয়া চৰকাৰী আঁচনিৰে মেৰামতিৰ অনুমোদন দিয়ে।
পিছে এই মেৰামতিৰ অনুমোদন লাভ কৰে পঞ্চায়ত সভানেত্ৰীৰ স্বামী আলী হুছেইনে।
পথ মেৰামতিৰ নামত কম পৰিমানৰ বালি মাটি পেলায়ে লাখ লাখ টকা লুটি লৈ উধাও হয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী ঠিকাদাৰ আলী হুছেইনে।
ঠিকাদাৰ পঞ্চায়ত সভানেত্ৰীৰ স্বামী আলী হুছেইনৰ লুণ্ঠনৰাজৰ বিৰুদ্ধে ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ।
গতিকে ৰাইজে বিভাগীয় কৰ্তৃপক্ষ, প্ৰসাশন,
জিলা উপায়ুক্ত তথা অসম চৰকাৰলৈ কাতৰ আহ্বান জনাই যে শীঘ্ৰে ঠিকাদাৰ আলী হুছেইনৰ বিৰুদ্ধে বিহিত ব্যাৱস্থা গ্ৰহণ কৰে।
আৰু এই পথটো মেৰামতি কৰি ৰাইজক যাতায়াতৰ সুবিধা কৰি দিয়ে।
Photo: Headline8