কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ CRPF বেটেলিয়ানে বাহিনীটোৰ জনহিতকৰ কাৰ্য্যসূচীৰ অংশহিচাপে বেটেলিয়ানৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত নিবনুৱা যুৱক – যুৱতী সকলে নিয়োগৰ ক্ষেত্ৰখনত যাতে নিজকে প্ৰস্তুত কৰিব পাৰে তাৰ বাবে ১৬ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ এক বিনামূলীয়া দহদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।
আনহাতে শিবিৰত ৮ জন বড়ো যুৱক আৰু ৩ জনী বড়ো যুৱতীয়ে ভাগ লয়। শিবিৰত ভাগ লোৱা প্ৰশিক্ষাথী সকলক আৰক্ষী , চি আৰ পি এফকে ধৰি কেন্দ্ৰীয় সশস্ৰ আৰক্ষী বাহিনী, সেনা বাহিনী, আন আন চৰকাৰী বিভাগৰ প্ৰতিযোগিতামূলক নিযুক্তি পৰীক্ষাত কিদৰে অৱতীৰ্ণ হৈ উত্তীৰ্ণ হব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়। ২৫ জানুৱাৰীত শিবিৰৰ সামৰণি অনুষ্ঠানত ১৭৫ CRPF বেটেলিয়ানৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলৰ উজ্বল ভবিষ্যত কামনা কৰি আগন্তক দিনত যাতে শিবিৰত লাভ কৰা শিক্ষা – অভিজ্ঞতাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হব পাৰে তাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত বাহিনীটোৰ চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমান , জেষ্ঠ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলে, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ কুমাৰকে ধৰি কেবাজনো বিষয়া উপস্থিত আছিল।