বিশ্ববাহু ফাউণ্ডেচনৰ উদ্যোগত ২৭ ফেব্ৰুৱাৰীত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। ফাউণ্ডেচনৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত পুৱা ১০ বজাত শিবিৰটি উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী মিনতি বৰঠাকুৰে। শিবিৰত ৰক্তচাপ, ব্লাডচুগাৰ, হিমগ্ল’বিন, ই চি জি আদিৰ পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ লগতে ঔষধো বিতৰণ কৰা হয়।
সমাজৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱাৰ লগতে দুখীয়া তথা আৰ্তজনক সহায় আৰু আইনী সাহাৰ্য আগবঢ়োৱাটো এই ফাউণ্ডেচনৰ মূল লক্ষ্য বুলি বিশ্ববাহু ফাউণ্ডেচনৰ তৰফৰ পৰা জনাইছে। স্বাস্থ্য, আইনী সাহাৰ্য, পৰিবেশ সচেতনা, দক্ষতা বিকাশৰ লগতে অন্যান্য সামাজিক দিশটো এই ফাউণ্ডেছনে কাম কৰিব।
বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰত চিকিৎসা প্ৰদান কৰা চিকিৎসকসকল হৈছে ডাঃ বিশ্বনাথ শৰ্মা, ডাঃ ৰথিন ভূঞা, ডাঃ মীৰা বৰা, ডাঃ ভবেশ সোণোৱাল, ডাঃ সত্যব্ৰত ফুকন, ডাঃ ৰোহিনী বৰকটকী, ডাঃ বৰ্ণালী ডেকা, ডাঃ চৈয়দা শ্বামীমা, ডাঃ জয়শ্ৰী ঠাকুৰীয়া, ডাঃ মানস প্ৰতিম দাস আৰু জীৱন বৰা। প্ৰায় ১০০ ৰো অধিক ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়োৱা অনুষ্ঠানটিয়ে ভৱিষ্যতেও এনে ধৰণৰ অভিযান অব্যাহত ৰাখিব বুলি জনাইছে।