১৫জুন, গুৱাহাটী:
ERDF ৰ ভগ্নী সংগঠন ভিজন-৫০ একাডেমীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ নিট/জে ই ই/অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব বিচৰা হাজাৰ হাজাৰ মেধাৱী ছাত্র-ছাত্ৰীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।মঙ্গলবাৰে ERDF গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত এই কথা সদৰী কৰে ERDF ৰ অধ্যক্ষ মেহবাবুল হক।এই ভিজন-৫০ একাডেমিয়ে উত্তৰ পূৰ্বাঞ্চলত সম্প্রসাৰণ কেন্দ্ৰবোৰৰ জৰিয়তে মেধাৱী দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ সম্পূৰ্ণ বিনামূলীয়া শিক্ষা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।অহা ২০ জুন ২০২১ত হ’বলগীয়া অনলাইন যোগ হ’বলগীয়া প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত শীৰ্ষ ৫০ টা স্থান প্ৰাপ্ত ছাত্র-ছাত্ৰী সকলৰ ১০০% জলপানী আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ভিজন-৫০ একাডেমিয়ে ৫০ গৰাকী মেধাৱী ছাত্র- ছাত্ৰীক একাদশ শ্ৰেণীৰ পৰা অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিছে।এই একাডেমিয়ে দশম আৰু একাদশ শ্ৰেণীত পঢ়ি থকা ছাত্র-ছাত্ৰীসকলক NEET আৰু JEE আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’ব পৰাকৈ উপযুক্ত প্ৰশিক্ষণৰ বাবে ১আৰু ২ বছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও হকে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে।আগ্ৰহী শিক্ষাৰ্থী সকলে একাডেমিৰ ৱেবচাইট vision50.org অথবা 6000086362 নম্বৰত যোগাযোগ কৰিব পাৰে ।