পৰিবহণ ব্যৱস্থাৰ সকলো কাম সহজ কৰি তুলিব বিচাৰিছে ৰাজ্যৰ পৰিবহন বিভাগে। পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নহাকৈ সাধাৰণ জনতাই যাতে সকলো প্ৰয়োজনীয় কাম ঘৰৰ পৰাই সম্পন্ন কৰিব পাৰে সেইদিশটোলৈ লক্ষ্য ৰাখি বহু কেইটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সবিশেষ জনায়।
এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,’পূৰ্বতে ডিলাৰে বাহনৰ পঞ্জীয়ন পত্ৰ দিব নোৱাৰে। আৰচিৰ বাবে ৭ দিন অপেক্ষা কৰিবলগীয়া হৈছিল। এতিয়াৰ পৰা ডিলাৰেই ডিটিওৰ হৈ আৰচিত স্বাক্ষৰ কৰিব পাৰিব। বাহনৰ ৰিনিউৱেল, ডাইভিং লাইচেন্সৰ কাম, যিকোনো ড্ৰাইভিং লাইচেন্স সংক্ৰান্তীয় কাম কৰিব পাৰিব অনলাইনৰ জৰিয়তে।’
কি কি নতুন নিয়ম অনা হৈছেঃ
নতুন গাড়ী ক্ৰয় কৰিলে জিলা পৰিবহণ বিষয়াৰ চহী অবিহনেই লাভ কৰিব RC। থাকিব ডিলাৰ কৰ্তৃপক্ষৰ চহী।
যিটো ডিলাৰৰ পৰা নতুন বাহন ক্ৰয় কৰিব সেইঠাইতে হ’ব পঞ্জীয়ন।
আজিৰ পৰা অনলাইনৰ জৰিয়তেই লাইচেন্সৰ যিকোনো তথ্যপাতি শুদ্ধ কৰিব পাৰিব।