• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা ৰাজ্য়ত জাৰী হ’ল নতুন SOP- কি কি পৰিবৰ্তন হ’ল নতুন SOP তঃ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 1, 2021
in অসম, সংবাদ
1 min read
0
আজিৰে পৰা ৰাজ্য়ত জাৰী হ’ল নতুন SOP- কি কি পৰিবৰ্তন হ’ল নতুন SOP তঃ
Share on FacebookShare on Twitter

ৰাজ্য়ত জাৰী হ’ল নতুন SOP-
ক’ভিদ পৰিস্থিতি কিছু পৰিমানে শাম কটাৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা শিথিল কৰিলে ৰাজ্য় চৰকাৰে:-

১)নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ ৰাজ্য়ত বলৱৎ থাকিব সান্ধ্য আইন।

২)ৰাজ্য়ত নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, শ্ব’ৰূম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

৩)এতিয়ালৈ এপালিও ক’ভিড ভেকচিন নোলোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত গ্ৰহণ কৰিব লাগিব ক’ভিড ভেকচিন।

৪)প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মুৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিব।

৫)আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহণ কৰিব পাৰিব। কিন্তু, যাত্ৰী পৰিবাহী বাহনে যাত্ৰীক থিয় কৰায় নিব নোৱাৰিব। যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

৬) কমেও এপালি ক’ভিড ভেকচিন লোৱা লোকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব।

৭) যাত্ৰী-চালকে কমেও এপালি ক’ভিড ভেকচিন লৈ আৰু মাস্ক পৰিধান কৰি; অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি চৰকাৰৰ।

৮) কমেও এপালি ক’ভিড ভেকচিন লোৱা লোকৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰি বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি।

৯) অহা সোমবাৰ ৬ চেপ্তেম্বৰ ২০২১ ৰ পৰা একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত; স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান কৰিব পাৰিব শিক্ষানুস্থান সমূহে।

১০) ১৮ বছৰৰ ঊৰ্ধৰ ছাত্ৰ-ছাত্ৰীসকলে স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে কমেও এপালি ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক। কিন্তু, ১৮ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড ভেকচিন অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব।

১১) প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদিত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি প্ৰদান।

১২) স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰি, মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে অংশ গ্ৰহণ কৰিব পাৰিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা) অংশগ্ৰহণ কৰিব পাৰিব।

১৩) বিবাহ, সকাম, অন্তিম সৎকাৰ আদি অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে ভাগ ল’ব পাৰিব।

১৪) ৰাজ্যৰ বিখ্যাত ধৰ্মীয় 3স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি) ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি প্ৰদান। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি।

১৫) বিমান বন্দৰত দুয়ো পালি ক’ভিড ভেকচিন লোৱা বিমানযাত্ৰীক ক’ভিড পৰীক্ষণৰ পৰা ৰেহাই দিয়া হব। ক’ভিড ভেকচিন এপালিহে লোৱা বা এপালিও নোলোৱাকৈ থকা বিমানযাত্ৰীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। দুপালি ভেকচিন নোলোৱা বিমানযাত্ৰীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰটি-পিচিআৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক।

১৬) সান্ধ্য আইনৰ মাজতো নৈশ বাচৰ চলাচলত অনুমতি প্ৰদান কৰিলে ৰাজ্য় চৰকাৰে।

Tags: CM Himanta Biswa SarmaCovid 19 pandemicKeshab MahantaSOP
Previous Post

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

Next Post

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ…

আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ…

অসম সন্তান আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান…

অসম সন্তান আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8